হাৰ্দিক পাণ্ডিয়াই উদঙালে ভাৰতীয় দলৰ ড্ৰেছিং ৰূমৰ ৰহস্য! ভাইৰেল হ’ল ভিডিঅ’

News18-Assam
Updated:June 13, 2019, 5:21 PM IST
হাৰ্দিক পাণ্ডিয়াই উদঙালে ভাৰতীয় দলৰ ড্ৰেছিং ৰূমৰ ৰহস্য! ভাইৰেল হ’ল ভিডিঅ’
World Cup 2019: শিখৰ ধাৱান আঘাতপ্ৰাপ্ত হোৱাৰ পিছত এতিয়া নিউজীলেণ্ডৰ বিৰুদ্ধে কি হ’ব ভাৰতীয় দলৰ ৰণকৌশল

World Cup 2019: শিখৰ ধাৱান আঘাতপ্ৰাপ্ত হোৱাৰ পিছত এতিয়া নিউজীলেণ্ডৰ বিৰুদ্ধে কি হ’ব ভাৰতীয় দলৰ ৰণকৌশল

  • Share this:
বিশ্বকাপ ২০১৯ ত চমকপ্ৰদ আৰম্ভণী ভাৰতীয় দলৰ। প্ৰথম মেচত দক্ষিণ আফ্ৰিকা আৰু দ্বিতীয় মেচত শক্তিশালী অষ্ট্ৰেলিয়াক ৩৬ ৰানত পৰাস্ত কৰাৰ পিছত ১৩ জুনত ভাৰতীয় দল নিউজীলেণ্ডৰ মুখামুখী হ’ব। দুয়োটা দলেই বিশ্বকাপত এতিয়ালৈকে এখনো মেচত পৰাস্ত হোৱা নাই। সেইসময়তে শিখৰ ধাৱান আঘাতপ্ৰাপ্ত হোৱাৰ পিছত এতিয়া নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ ৰণকৌশলক লৈ আলোচনা চলিছে ভাৰতীয় দলৰ ড্ৰেছিং ৰূমত। ভাৰতৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ছচিয়েল মিডিয়াত আপলোড কৰিছে দলৰ ড্ৰেছিং ৰূমৰ এটা ভিডিঅ’।

হাৰ্দিকে আপলোড কৰিছে দলৰ ড্ৰেছিং ৰূমৰ এটা সম্পূৰ্ণ ভিডিঅ’

হাৰ্দিকে ড্ৰেছিং ৰূমত অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাদেজা, এমএছ ধোনী, কেডাৰ যাদৱ, কুলদ্বীপ যাদৱ, জচপ্ৰীত বুমৰাহৰ ঠাই আৰু হাৰ্দিক নিজে ড্ৰেছিং ৰূমৰ কিমান খিনি ঠাই ব্যৱহাৰ কৰে সেয়া সম্পূৰ্ণকৈ দেখুৱালে।



অধিনায়কৰ কাষতে ৰবীন্দ্ৰ যাদেজা
হাৰ্দিকে ভিডিঅ’৸টোত ধেমেলীয়া সুৰত কয় যে ৰবীন্দ্ৰ যাদেজাই সদায় অধিনায়কৰ কাষৰ ঠাইয়ে ব্যৱহাৰ কৰে। সেইদৰে কোহলীৰ ফালে দেখুৱাই কয় যে ড্ৰেছিং ৰূমত সৰ্বাধিক ঠাই দখল কৰে অধিনায়ক বিৰাট কোহলীয়ে।

 


আৰু চাওক
পৰৱৰ্তী বাতৰি