মায়ংক আগৰৱালাই কেনেকৈ স্থান পালে বিশ্বকাপত? – দল বাছনিক লৈ ক্ষোভ সুনীল গাভাস্কাৰৰ

গাভাস্কাৰে কয় যে এই বিশ্বকাপত টীম ইণ্ডিয়াৰ ফালৰ পৰা কেইবাটাও আচৰিত হ’বলগীয়া সিদ্ধান্ত লোৱা হৈছে।

news18assam
Updated:July 12, 2019, 1:13 PM IST
মায়ংক আগৰৱালাই কেনেকৈ স্থান পালে বিশ্বকাপত? – দল বাছনিক লৈ ক্ষোভ সুনীল গাভাস্কাৰৰ
গাভাস্কাৰে কয় যে এই বিশ্বকাপত টীম ইণ্ডিয়াৰ ফালৰ পৰা কেইবাটাও আচৰিত হ’বলগীয়া সিদ্ধান্ত লোৱা হৈছে।
news18assam
Updated: July 12, 2019, 1:13 PM IST
আই চি চি বিশ্বকাপ ২০১৯ৰ দল বাছনিক লৈ ক্ষোভ প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু মহান বেটছমেন সুনীল গাভাস্কাৰে। মায়ংকৰ আগৰৱালক বিশ্বকাপৰ দলত স্থান দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে গাভাস্কাৰে। সুনীল গাভাস্কাৰৰ মতে, বিজয় শংকৰ আঘাতপ্ৰাপ্ত হোৱাত মায়ংক আগৰৱাল নহয়, অম্বাতী ৰাইডুক ইংলেণ্ডলৈ পঠিওৱা উচিত আছিল।

নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পিছত ষ্টাৰ ৰ্টছৰ সৈতে বাৰ্তালাপত গাভাস্কাৰে কয় যে এই বিশ্বকাপত টীম ইণ্ডিয়াৰ ফালৰ পৰা কেইবাটাও আচৰিত হ’বলগীয়া সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় – মায়ংক আগৰৱালক কিয় দলত অন্তৰ্ভুক্ত কৰা হ’ল? তেওঁ এতিয়ালৈ এখনো এদিনীয়া খেলা নাই। অম্বাতী ৰাইডুক কিয় মতা নহ’ল, তেওঁ বিশ্বকাপৰ বাবে ষ্টেণ্ড–বাই খেলুৱৈ আছিল।

অম্বাতী ৰাইডু


উল্লেখযোগ্য যে বিগত বৰ্ষত এছিয়া কাপত অম্বাতী ৰাইডু টীম ইণ্ডিয়ালৈ উভতিছিল। ইয়াৰ পিছৰে পৰা তেওঁ চাৰি নম্বৰত ১৪টা ইনিংছ খেলিছে। নিউজীলেণ্ড ভ্ৰমণতো ৰাইডু সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন আছিল। কিন্তু পিছতো তেওঁক বঞ্চিত কৰা হ’ল। প্ৰথমে শিখৰ ধৱনৰ স্থানত ঋষভ পন্তক পঠিওৱা হ’ল আৰু পিছত বিজয় শংকৰ আঘাতপ্ৰাপ্ত হোৱাত মায়ংক আগৰৱালক ইংলেণ্ডলৈ মতা হ’ল। ইয়াতে নিৰাশ হৈ অৱসৰৰ সিদ্ধান্ত লয় ৰাইডুৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি