বেটিং ব্যৰ্থতা! ধোনীক অৱসৰ ল’বলৈ আহ্বান একাংশৰ!

মন্থৰ গতিত বিটিং কৰি এতিয়া ছচিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন এম এছ ধোনী!

News18-Assam
Updated:July 1, 2019, 2:58 PM IST
বেটিং ব্যৰ্থতা! ধোনীক অৱসৰ ল’বলৈ আহ্বান একাংশৰ!
মন্থৰ গতিত বিটিং কৰি এতিয়া ছচিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন এম এছ ধোনী!
News18-Assam
Updated: July 1, 2019, 2:58 PM IST
বিশ্বকাপৰ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৰোমাঞ্চকৰ মেচত জয়লাভ কৰিলে ইংলেণ্ডে। শেষ মুহূৰ্তলৈকে যুঁজি হাৰ মানিলে ভাৰতে। ইংলেণ্ডে বান্ধি দিয়া ৩৩৮ ৰানৰ লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰা ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩০৫ ৰানতে থমকি ৰয়।

খেল খনত ভাৰতৰ হৈ ৰোহিত শৰ্মাই ১০২ ৰান, বিৰাট কোহলীয়ে ৬৬ ৰান সংগ্ৰহ কৰি আউট কৰি হয়। ব্যৰ্থ হয় অপেনাৰ কে এল ৰাহুল। লগতে পণ্ট আৰু হাৰ্দিক পাণ্ডিয়াৰ বেটৰ পৰা আহে ক্ৰমে ৩২ আৰু ৪৫ ৰান।

খেলখনত ধোনীয়ে ৩১ টা বলত সংগ্ৰহ কৰে ৪২ ৰানৰ। খেলখনত ধোনী বেট ধৰিবলৈ আহি যথেষ্ট মন্থৰ গতিত বেটিং কৰে। ধোনীৰ লেহেমীয়া গতিৰ বেটিং অব্যাহত থাকে খেল শেষ হোৱা পৰ্যন্ত। ৪২ ৰানৰ ইনিংছটোত ধোনীয়ে চাৰিটা ৪ আৰু এটা ছিক্সাৰ কোবাই।

ধোনীৰ এই মন্থৰ গতিৰ ইনিংছকলৈ এতিয়া চৰ্চা চলিছে ফেচবুকত। ধোনীৰ এনে লেহেমীয়া বেটিঙৰ বাবে একাংশই খেলুৱৈজনক অৱসৰ ল’বলৈ আহ্বান জনাইছে। যি সময়ত ধোনাীৰ পৰা সকলোৱে আশা কৰিছিল বিস্ফোৰক বেটিং, সেই সময়ত ধোনীয়ে নিৰাশ কৰে সকলোকে।

আৰু চাওক পৰৱৰ্তী বাতৰি