ক্ৰিকেট খেলপথাৰত গতি দেখুওৱাটোও কেতিয়াবা কঠিন হয়। চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগত চলি থকা ইউৰোপীয় ক্ৰিকেট লীগৰ এখন খেলৰ সময়তো একেধৰণৰ ঘটনা ঘটিছিল। য'ত বিপক্ষ দলৰ বেটছমেনসকলে ষ্টাম্পত উইকেট-ৰক্ষকৰ বল দলিয়াবলৈ চেষ্টা কৰোঁতে তিনি ৰাণ চুৰি কৰিছিল। এই সময়ছোৱাত, ৩ বাৰ ফিল্ডিং কৰা দলটোৱে ৰাণ আউট হোৱাৰ সুযোগ পাইছিল। কিন্তু, তিনিওবাৰেই, ফিল্ডাৰসকলে এই সুযোগৰ পৰা বঞ্চিত হৈছিল। ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। খেলখন ৱিনোহাৰ্দি আৰু প্ৰাগ বাৰ্বেৰিয়ন্সৰ মাজত খেলা হৈছিল।
এই খেলখনত প্ৰাগ বাৰ্বেৰিয়ন্সে প্ৰথমে বেটিং কৰিছিল আৰু ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা ঘটনাটো প্ৰাগৰ ইনিংছৰ তৃতীয় অভাৰৰ পৰা। দুটা অভাৰৰ পিছত, তেওঁলোকৰ স্ক'ৰ আছিল ১৬ ৰাণ। এণ্ড্ৰিউ চিম ক্ৰীজত জাহনুৰ হকৰ সৈতে আছিল। আৰ্শাদ হায়াতে অফ ষ্টাম্পৰ বাহিৰত তৃতীয় অভাৰৰ প্ৰথম বলটো বল কৰিছিল। চিমে আগুৱাহাই আহি শ্বট মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু বলটো বেটলৈ অহা নাছিল আৰু উইকেট-ৰক্ষকৰ গ্লভছলৈ গৈছিল, কিন্তু তেওঁ ধৰিব নোৱাৰিলে। ইয়াৰ পাছতো নন-ষ্ট্ৰাইকাৰ এণ্ডত থিয় হৈ থকা বেটছমেনজনে ৰাণ ল'বলৈ ক্ৰীজৰ পৰা ওলাই আহিছিল। তাৰ পিছত ফিল্ডাৰে থ্ৰ' মাৰিছিল কিন্তু সথিক নোহোৱা বাবে আকৌ এটা ৰাণ লৈছিল বেটছমেনে, ইয়াৰ পিছত পুনৰ এবাৰ আকৌ অন্য এজনে ফিল্ডাৰে বলটো থ্ৰ' কৰে আৰু পুনৰ এবাৰ সথিক নোহোৱাত আকৌ এক ৰাণ দৌৰি লয় দুয়োজন বেটছমেনে।
খেলপথাৰৰ এই দৃশ্য় এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|