
ষ্টাৰ স্পৰ্টচৰ কমেণ্টী পেনেলত আছে শচীন টেণ্ডুলকাৰৰ নাম। প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী, বিৰেন্দ্ৰ সেহৱাগ, হৰৱজন সিঙেও বিশ্বকাপ ২০১৯ ত কৰিব কমেণ্টী।
ষ্টাৰ স্পৰ্টচৰ কমেণ্টী পেনেলত আছে শচীন টেণ্ডুলকাৰৰ নাম। প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী, বিৰেন্দ্ৰ সেহৱাগ, হৰৱজন সিঙেও বিশ্বকাপ ২০১৯ ত কৰিব কমেণ্টী।
![]()
আজিৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। বিশ্বকাপ ২০১৯ ৰ প্ৰথম মেচত আজি মুখামুখি হ’ব ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা ।
![]()
এইবাৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা ভাৰতৰ ক্ৰিকেট অনুৰাগীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। তথ্য অনুসৰি এইবাৰ বিশ্বকাপতে প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে আৰম্ভ কৰিব অন্য এক ইনিংছ !
![]()
খবৰ অনুসৰি শচীন টেণ্ডুলকাৰক আজি দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া বিশ্বকাপৰ প্ৰথমখন মেচত কমেণ্টী কৰা দেখা যাব। ষ্টাৰ স্পৰ্টচৰ কমেন্টী পেনেলত নাম থকা শচীন ইতিমধ্যে উপস্থিত হৈছে লণ্ডনত।
![]()
বিশ্বকাপত সৰ্বাধিক ৰাণ কৰাৰ অভিলেখ আছে শচীনৰ নামত। শচীনে বিশ্বকাপত মুঠ ২,২৭৮ ৰাণ সংগ্ৰহ কৰিছিল। বিশ্বকাপত শচীনৰ নামত আছে মুঠ ১৫ টা অৰ্ধশতক আৰু ৬ টা শতক। ২০০৩ চনৰ বিশ্বকাপত শচীনে ১১ খন মেচত ভাগলৈ ৬৭৩ ৰাণ সংগ্ৰহ কৰি সৃষ্টি কৰিছিল অভিলেখ।
![]()
এইবাৰ বিশ্বকাপত শচীনৰ উপৰিও ভাৰতীয় ক্ৰিকেটৰ বহুকেইগৰাকী বিশিষ্ট খেলুৱৈক কমেণ্টী কৰা দেখিবলৈ পোৱা যাব। বিশ্বকাপ ২০১৯ ৰ কমেণ্টী পেনেলত আছে সৌৰভ গাংগুলী, বীৰেন্দ্ৰ সেহৱাগ, হৰবজন সিং, ভিভিএচ লক্ষ্মণৰৰ দৰে ভাৰতীয় খেলুৱৈৰ নাম।
![]()
ভাৰতে ৫ জুন তাৰিখে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপত নিজৰ অভিযান আৰম্ভ কৰিব।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|