Cricket News: দক্ষিণ আফ্ৰিকাৰ (South Africa) পেচাৰ ডেল ষ্টেইন (Dale Steyn)য়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে। ডেল ষ্টেইনে মঙলবাৰে অৱসৰ ঘোষণা কৰিছে (Dale Steyn Retires)।
Cricket News: দক্ষিণ আফ্ৰিকাৰ (South Africa) পেচাৰ ডেল ষ্টেইন (Dale Steyn)য়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে। ডেল ষ্টেইনে মঙলবাৰে অৱসৰ ঘোষণা কৰিছে (Dale Steyn Retires)।
Cricket News: দক্ষিণ আফ্ৰিকাৰ (South Africa) পেচাৰ ডেল ষ্টেইন (Dale Steyn)য়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে। ডেল ষ্টেইনে মঙলবাৰে অৱসৰ ঘোষণা কৰিছে (Dale Steyn Retires)। ডেল ষ্টেইনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬৯৯ টা উইকেট দখল কৰিছিল। তেওঁ টেষ্টত ৪৩৫ টা, এদিনীয়াত ১৯৬ টা আৰু টি-২০ত ৬৪ টা উইকেট দখল কৰে। ডেল ষ্টেইনে টুইটাৰত অৱসৰ ঘোষণা কৰিছে। এক অত্যন্ত আৱেগিক পোষ্টত, ডেল ষ্টেইনে তেওঁৰ দলৰ খেলুৱৈ, সকলো অনুৰাগী, পৰিয়াল আৰু সাংবাদিকক ধন্যবাদ জনাই অৱসৰ গ্ৰহণ কৰে।
ডেল ষ্টেইনয়েও তেওঁৰ এদিনীয়া আৰু টেষ্ট দলৰ জাৰ্চীৰ কিছুমান ফটো পোষ্ট কৰি এটা টোকা লিখিছিল। ডেল ষ্টেইনে লিখিছিল, '২০ বছৰৰ প্ৰশিক্ষণ, মেচ, ভ্ৰমণ, জয়, পৰাজয়, ভাতৃত্ববোধ, সুখ। ক'বলৈ বহুতো স্মৃতি আছে। ধন্যবাদ জনোৱাৰ বাবে বহুতো মুখ আছে। আজি মই আটাইতকৈ বেছি ভাল পোৱা খেলখনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ লৈছো। টেঙা-মিঠা কিন্তু উজ্জ্বল। মই মোৰ পৰিয়াল, দলৰ খেলুৱৈসকলক ধন্যবাদ জনাইছো।'
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|