গাৱত ক্ৰিকেট খেলা এগৰাকী খেলুৱৈ, প্ৰধানমন্ত্ৰীৰ চকু পৰাত সলনি হ’ল ভাগ্য!

News18-Assam
Updated:May 30, 2019, 7:39 PM IST
গাৱত ক্ৰিকেট খেলা এগৰাকী খেলুৱৈ, প্ৰধানমন্ত্ৰীৰ চকু পৰাত সলনি হ’ল ভাগ্য!
বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ নিৰ্ভৰযোগ্য স্পীনাৰ শাদাব খানে লব পাৰে গুৰুত্বপূৰ্ণ ভুমিকা।

বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ নিৰ্ভৰযোগ্য স্পীনাৰ শাদাব খানে লব পাৰে গুৰুত্বপূৰ্ণ ভুমিকা।

  • Share this:
পাকিস্তানৰ স্পীনবলাৰ শাদাব খান ২০১৯ৰ বিশ্বকাপ ক্ৰিকেটৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হৈছে। খেলুৱৈ গৰাকীয়ে পাকিস্তানৰ হৈ এইবাৰ বিশ্বকাপত উন্নত প্ৰদৰ্শন কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।



কিছুবছৰ আগলৈকে নিজৰ গাৱত গলি ক্ৰিকেট খেলা শাদাব খানে অত্যন্ত কষ্ট কৰি আন্তঃৰাষ্ট্ৰীয় দলত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।



শাদাব খানৰ খেলত প্ৰথমে প্ৰভাৱিত হৈছিল প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ, বৰ্তমান পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমাৰাণ খান। পাকিস্তান ক্ৰিকেট দলে বিশ্বকাপলৈ যাত্ৰা কৰাৰ আগমুহূৰ্তত দলটোক প্ৰধানমন্ত্ৰী ইমৰাণ খানে লগ কৰিছিল, তেতিয়াই সংবাদমাধ্যমৰ আগত এই কথা অৱগত কৰে ইমৰাণ খানে।
আৰু চাওক
পৰৱৰ্তী বাতৰি