ডাঙৰ খবৰঃ বাংলাদেশৰ তাৰকা বেটছমেনে কৰিলে জীৱন ত্যাগ, বিশ্বকাপত আগবঢ়াইছিল সুন্দৰ প্ৰদৰ্শন!

News18 Assam | News18-Assam
Updated:November 16, 2020, 3:04 PM IST
ডাঙৰ খবৰঃ বাংলাদেশৰ তাৰকা বেটছমেনে কৰিলে জীৱন ত্যাগ, বিশ্বকাপত আগবঢ়াইছিল সুন্দৰ প্ৰদৰ্শন!
মহম্মদ সোজেৱৰ মৃতদেহ দেওবাৰে তেওঁৰ বাসগৃত উদ্ধাৰ হয়। ক্ৰিকেটাৰ জনৰ মৃত্যু বাংলাদেশ ক্ৰিকেটৰ বাবেই অপুৰণীয় ক্ষতি।

মহম্মদ সোজেৱৰ মৃতদেহ দেওবাৰে তেওঁৰ বাসগৃত উদ্ধাৰ হয়। ক্ৰিকেটাৰ জনৰ মৃত্যু বাংলাদেশ ক্ৰিকেটৰ বাবেই অপুৰণীয় ক্ষতি।

  • Share this:
বাংলাদেশ ক্ৰিকেটৰ বাবে বেয়া খবৰ। বাংলাদেশ ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ মহম্মদ সোজেৱে কৰিলে জীৱন ত্যাগ। যোৱা ১৪ নৱেম্বৰত সোজেৱে নিজৰ ঘৰতে চিপ লৈ স্ব-ইচ্ছাই ত্যাগ কৰে জীৱন। ২১ বছৰীয়া সোজেৱে আণ্ডাৰ ১৯ বিশ্বকাপত অংশগ্ৰহণ কৰি দলৰ হৈ উন্নত প্ৰদৰ্শন আগবঢ়াইছিল।

২০১৮ চনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটিছিল মহম্মদ সোজেৱৰ। কিন্তু প্ৰথম অৱস্থাত দলৰ হৈ বিশেষ ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। কিন্তু তাৰ পিছতো ১৯ অনুৰ্ধ্বৰ বিশ্বকাপ দলত স্থান লাভ কৰিবলৈ সক্ষম হয় মহম্মদ সোজেৱে। বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে মেচত মূল একাদশত স্থান লাভ কৰিছিল।

জানিব পৰা মতে, খেলুৱৈগৰাকী দীৰ্ঘসময় ধৰি মানসিক অৱসাদত ভুগি আছিল। আনকি ক্ৰিকেট ফিল্ডৰ পৰাও নিজকে আঁতৰাই ৰাখিছিল।
Published by: Himangshu Bhuyan
First published: November 16, 2020, 3:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading