ভাৰতৰ পৰাজয়ৰ পিছত ছেহৱাগৰ প্ৰশ্ন– ধোনী চতুৰ্থ নম্বৰত কিয় বেটিং কৰিব নাহিলে?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগে ক’লে যে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ষষ্ঠ নম্বৰ পৰিৱৰ্তে চতুৰ্থ নম্বৰত বেটিং কৰিবলৈ দিব লাগিছিল।

news18assam
Updated:July 11, 2019, 8:55 AM IST
ভাৰতৰ পৰাজয়ৰ পিছত ছেহৱাগৰ প্ৰশ্ন– ধোনী চতুৰ্থ নম্বৰত কিয় বেটিং কৰিব নাহিলে?
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগে ক’লে যে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ষষ্ঠ নম্বৰ পৰিৱৰ্তে চতুৰ্থ নম্বৰত বেটিং কৰিবলৈ দিব লাগিছিল।
news18assam
Updated: July 11, 2019, 8:55 AM IST
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগে ক’লে যে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ষষ্ঠ নম্বৰ পৰিৱৰ্তে চতুৰ্থ নম্বৰত বেটিং কৰিবলৈ দিব লাগিছিল। নিউজীলেণ্ড বিৰুদ্ধে ভাৰতীয় দলৰ পৰাজয়ৰ পিছত ছেহৱাগে এটা নিউজ চেনেলত এই কথা ক’লে। ধোনীয়ে নিউজীলেণ্ডৰ বিৰুদ্ধে তেওঁৰ ইনিংছত লেহেমীয়া গাতিৰে খেলি ৭২ বলত ৫০ ৰান সংগ্ৰহ কৰে।

ৱৰ্ল্ড কাপৰ ছেমিফাইনেলত ভাৰতীয় দলটোক নিউজীলেণ্ডে ১৮ ৰানত পৰাস্ত কৰে। এই খেলখনত নিজজীলেণ্ডে প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোক ২৪০ ৰানৰ লক্ষ্য বান্ধি দিছিল। মঙলবাৰে বৰষুণৰ বাবে খেলখন প্ৰথমটো ইনিংছৰ মাজতে স্থগিত কৰি ৰখা হৈছিল। বুধবাৰে নিউজীলেণ্ডে ৪৬.১ অভাৰত পুনৰ নিজৰ ইনিংছ আৰম্ভ কৰে। দলটোৱে শেষ অভাৰলৈ ২৩৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।



আৰম্ভণিতে পতন হৈছিল শীৰ্ষ বেটছমেন কেইজনৰ

ভাৰতীয় ইনিংছ আৰম্ভ হোৱাৰ পূৰ্বে এই লক্ষ্য সাধাৰণ যেন অনুভৱ কৰিছিল। ভাৰতীয় দলটোৱে বেটিং কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ৩ গৰাকী টপ অৰ্ডাৰৰ ক্ৰিকেটাৰ কে এল ৰাহুল, ৰোহিত শৰ্মা আৰু অধিনায়ক বিৰাট কোহলী নিউজীলেণ্ডৰ খেলুৱৈৰ বলিঙৰ আগত ধৰাশায়ী হয় আৰু মাত্ৰ ৫ ৰানতে আউট হৈ যায়। এই ৩ গৰাকী খেলুৱৈ আউট হোৱাৰ লগে লগে উমান পোৱা গৈছিল যে ভাৰতীয় দলটো পৰাজয়ৰ দিশে আগবঢ়া বুলি।

৩২–৩২ ৰানেৰে আউট এই দুগৰাকী খেলুৱৈ
এই ৩ গৰাকী খেলুৱৈৰ পিছত খেলপথাৰত নামি অহা দিনেশ কাৰ্তিকে ৬ ৰান সংগ্ৰহ কৰি পেবেলিয়নলৈ উভতিছিল। তাৰ পিছত চতুৰ্থ নম্বৰত খেলপথাৰত নামি অহা ঋষভ পণ্ট আৰু হাৰ্ডিক পাণ্ডিয়াই লাহে লাহে হ’লেও ভাৰত জয়ৰ আশা দেখুৱাইছিল যদিও ৩২ ৰান সংগ্ৰহ কৰি পণ্ট আউট হৈছিল। বিৰেন্দ্ৰ ছেহৱাগে ক’লে যে যদি পণ্টৰ স্থানত ধোনী খেলপথাৰলৈ নামি আহিলে হয় তেন্তে ভাৰতে মেচখনত জয়ৰ কিছু আশা ৰেঙনি দেখা পোৱা গ’ল হয়। ইফালে পণ্ট আউট হোৱাৰ কিছু সময়ৰ পিছতে হাৰ্ডিক পাণ্ডিয়াও ৩২ ৰানেৰে উভিতিছিল পেবেলিয়নলৈ।

আৰু চাওক পৰৱৰ্তী বাতৰি