IND vs ENG:পিন্ধনত ভাৰতীয় দলৰ জাৰ্চী, ঢোল বজাই গীত গাই ৰাজপথত ক্ৰিকেট অনুৰাগী!

বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ দেশবাসী! বঙাইগাঁৱত ক্ৰিকেট অনৰাগীয়ে ভাৰতীয় দলৰ সমৰ্থনত ওলাই আহিল ৰাজপথলৈ।

News18-Assam
Updated:June 30, 2019, 3:48 PM IST
IND vs ENG:পিন্ধনত ভাৰতীয় দলৰ জাৰ্চী, ঢোল বজাই গীত গাই ৰাজপথত ক্ৰিকেট অনুৰাগী!
বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ দেশবাসী! বঙাইগাঁৱত ক্ৰিকেট অনৰাগীয়ে ভাৰতীয় দলৰ সমৰ্থনত ওলাই আহিল ৰাজপথলৈ।
News18-Assam
Updated: June 30, 2019, 3:48 PM IST
আজি বিশ্বকাপত ভাৰত ইংলেণ্ডৰ মাজত হাই ভল্টেজ মেচ। টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ইংলেণ্ডৰ। বিশ্বকাপত ছেমি ফাইনেল খেলাৰ আশা সজীৱ কৰি ৰাখিবলৈ আজি ইংলেণ্ডে দিব লাগিব মৰণ–পৰণ যুঁজ। মেচত জয়ী হ’লে ভাৰতেও ছেমি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিব পাৰিব! তাৰ মাজতে বঙাইগাঁৱত দেখা গ’ল এক অভিনৱ দৃশ্য। একাংশ ক্ৰিকেট অনুৰাগীয়ে ভাৰতীয় দলৰ সমৰ্থনত ওলাই আহিল ৰাজপথলৈ। ভাৰতীয় দলৰ জাৰ্চী পৰিধান কৰি হাতে হাতে ভাৰতৰ পতাকা লৈ ঢোল বজাই গীত গাই কৰিলে আনন্দ উল্লাস।
আৰু চাওক পৰৱৰ্তী বাতৰি