• Home
  • »
  • News
  • »
  • world
  • »
  • Omicron Variant| Covishield Vaccine: ব্ৰিটেইনত অ'মিক্ৰণ ভেৰিয়েণ্টৰ সমুখত 'ফেইল' অক্সফোৰ্ডৰ কোভিশ্বিল্ড ভেকচিন! চিন্তা বাঢ়িব পাৰে ভাৰতৰ

Omicron Variant| Covishield Vaccine: ব্ৰিটেইনত অ'মিক্ৰণ ভেৰিয়েণ্টৰ সমুখত 'ফেইল' অক্সফোৰ্ডৰ কোভিশ্বিল্ড ভেকচিন! চিন্তা বাঢ়িব পাৰে ভাৰতৰ

ব্ৰিটেইনৰ অক্সফোৰ্ড-এষ্ট্ৰোজেনেকা ভেকচিনৰ ব্যৱহাৰ ভাৰতবৰ্ষত টিকাকৰণ অভিযানত কোভিশ্বিল্ড নামেৰে চলি আছে।

ব্ৰিটেইনৰ অক্সফোৰ্ড-এষ্ট্ৰোজেনেকা ভেকচিনৰ ব্যৱহাৰ ভাৰতবৰ্ষত টিকাকৰণ অভিযানত কোভিশ্বিল্ড নামেৰে চলি আছে।

ব্ৰিটেইনৰ অক্সফোৰ্ড-এষ্ট্ৰোজেনেকা ভেকচিনৰ ব্যৱহাৰ ভাৰতবৰ্ষত টিকাকৰণ অভিযানত কোভিশ্বিল্ড নামেৰে চলি আছে।

  • Share this:
ব্ৰিটেইনত লক্ষাধিক লোকে কোৰোণাৰ অমিক্ৰণ ভেৰিয়েণ্টকলৈ(Omicron Variant) অসুৰক্ষিত আৰু সংক্ৰমণৰ ভয়াৱহতাকলৈ আতংকিত হৈ আছে। বহুলোকে ইতিমধ্যে বুষ্টাৰ ডোজ ল'বলৈ আগবঢ়িছে। সেইসময়তে বিশেষজ্ঞই সাৱধানবাণী শুনাইছে যে, এনএছএছ বুকিং চাইটত খেলিমেলি হোৱাৰ বাবে বহুলোকে ভেকচিন ল'ব নোৱাৰিব। ভেকচিনকলৈ এতিয়া একাংশ বিশেষজ্ঞই চিন্তা বঢ়াইছে। সেই ভেকচিনৰ ভিতৰত আছে এষ্ট্ৰোজেনেকা ভেকচিন। যাক ভাৰতত কোভিশ্বিল্ড(Covishield Vaccine) নামেৰে জনা যায়। কিছুদিন ধৰি চলি থকা পৰীক্ষাত অ'মিক্ৰণ প্ৰতিহত কৰাত কোভিশ্বিল্ড ব্যৰ্থ হৈছে বুলি দাবী কৰা হৈছে। কিন্তু ভেকচিনৰ বুষ্টাৰ ডোজ লোৱাৰ পিছত ৭৬ শতাংশ পৰ্যন্ত কাৰ্যকৰী হৈছে বুলি প্ৰমাণিত হৈছে।

ডেইলী মেইলৰ ৰিপৰ্ট অনুসৰি, অ'মিক্ৰণে ব্ৰিটেইনত এতিয়া ভয়ংকৰ ৰূপ লৈছে। আগন্তুক দুসপ্তাহত ই অধিক ভয়ংকৰ হৈ পৰিব পাৰে। ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা এজেন্সীয়ে সাৱধানবাণী জাৰি কৰি কৈছে যে, চলিত মাহত সংক্ৰমিত লোকৰ সংখ্যা ১০ লাখ পৰ্যন্ত বাঢ়িব পাৰে। কিন্তু ভেকচিনৰ বুষ্টাৰ ডোজে অ'মিক্ৰণৰ বিৰুদ্ধে যুঁজ দিয়াত সফল হৈছে বুলি পৰীক্ষাত ওলাইছে। কিন্তু লাখৰো অধিক লোক, যি এতিয়াও তৃতীয় ডোজ লোৱা নাই, সেইসকল সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক বুলি দাবী কৰিছে।

এষ্ট্ৰোজেনেকাৰ ডাটা সন্তোষজনক নহয়!

বিশেষজ্ঞই অনুমান কৰিছে যে, ফাইজাৰ বুষ্টাৰ ডোজ অ'মিক্ৰণৰ বিৰুদ্ধে ৭০ৰ পৰা ৭৫ শতাংশ কাৰ্যক্ষম। যি ডেল্টাৰ বিৰুদ্ধে ৯০ শতাংশ কাৰ্যক্ষম।

বিশেষজ্ঞই বুষ্টাৰ ডোজ দিবলৈ কৰিছে আহ্বানঃ

ব্ৰিটেইনৰ অক্সফোৰ্ড-এষ্ট্ৰোজেনেকা ভেকচিনৰ ব্যৱহাৰ ভাৰতবৰ্ষত টিকাকৰণ অভিযানত কোভিশ্বিল্ড নামেৰে চলি আছে। যাৰ নিৰ্মাণ ভাৰতৰ হৈছে। বিশেষজ্ঞই এতিয়া বুষ্টাৰ ডোজ দিবলৈ আহ্বান জনাইছে। ব্ৰিটেইনত প্ৰতি তিনি দিনৰ অন্তৰে অন্তৰে অমিক্ৰণত আক্ৰান্ত হোৱাৰ ঘটনা দুগুণ হৈছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: