(Covid Vaccine Third Dose)- কোভিডৰ তৃতীয় ডোজ লোৱাৰ পৰামৰ্শ দিলে বিশ্ব স্বাস্থ্য সংস্থাই।
(Covid Vaccine Third Dose)- কোভিডৰ তৃতীয় ডোজ লোৱাৰ পৰামৰ্শ দিলে বিশ্ব স্বাস্থ্য সংস্থাই।
বিশ্ব স্বাস্থ্য সংস্থাই ভেকচিন পৰ্যালোচনা কৰাৰ পিছত সোমবাৰে জানিবলৈ দিয়ে যে, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন সকলে দুটাৰ পৰিৱৰ্তে তিনিটা ভেকচিন ডোজ লোৱা উচিত। তৃতীয় তথা অতিৰিক্ত ডোজ যিকোনো বিধিবদ্ধ সংস্থাৰ হ'লেই চলিব।
সেইদৰে ৬০ বছৰ উৰ্ধ্বৰ ব্যক্তি যিসকলে ইতিমধ্যে চীনা চিনোভাক বা চিনোফাৰ্ম ভেকচিন গ্ৰহণ কৰিছে, সেইসকলক তৃতীয় তথা অতিৰিক্ত ডোজটি লোৱা উচিত। এই পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই।
বিশেষজ্ঞই লগতে কৈছে যে, সাৰ্বজনীক ভাবে তৃতীয় টিকা লোৱাৰ প্ৰয়োজন নাই। যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁলোকৰ বাবেহে এই পৰামৰ্শ।
প্ৰসংগত, ইতিমধ্যে কোৰোণা ভাইৰাছ প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা ফাইজাৰ, বায়োটেক, জনচিন, এষ্ট্ৰোজেনেকা, চীনোফাৰ্মৰ চিকাৰ মান্যতা দিয়ে বিশ্ব স্বাস্থ্য সংস্থাই। ভাৰত বায়টেক ভেকচিনক মান্যতা দিবলৈ এতিয়াও আলোচনা অব্যাহত ৰাখিছে সংস্থাটোৱে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|