আমেৰিকাত বিগত ২৪ ঘণ্টাত ২৫০০ লোকৰ মৃত্যু কোৰোণাত, ট্ৰাম্পৰ পৰামৰ্শদাতাই য়ুহানৰ পৰীক্ষাগাৰক দিছিল ধন!

News18 Assam | News18-Assam
Updated:April 30, 2020, 9:50 AM IST
আমেৰিকাত বিগত ২৪ ঘণ্টাত ২৫০০ লোকৰ মৃত্যু কোৰোণাত, ট্ৰাম্পৰ পৰামৰ্শদাতাই য়ুহানৰ পৰীক্ষাগাৰক দিছিল ধন!
আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা ১০ লাখ ৬৪ হাজাৰতকৈও অধিক হৈছেগৈ।

আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা ১০ লাখ ৬৪ হাজাৰতকৈও অধিক হৈছেগৈ।

  • Share this:
আমেৰিকাত চাৰিদিনৰ কিছু সকাহৰ পিছত কোৰোণাই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈ ২৫০২জন লোকৰ মৃত্যু হৈছে কোৰোণাত। জন্ছ হপকিন্স বিশ্ববিদ্যালয়ৰ মতে বুধবাৰে দেশখনত কোভিড–১৯ত আক্ৰান্ত হোৱাৰ ২৮,৫০০টা নতুন ঘটনা পোহৰলৈ আহিছে। আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা ১০ লাখ ৬৪ হাজাৰতকৈও অধিক হৈছেগৈ। মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৬১,৬০০তকৈও অধিক। এয়া বিশ্বজুৰি মৃত্যু হোৱা সংখ্যাৰ এক চতুৰ্থাংশ।

ইফালে, চীনৰ বিৰুদ্ধে আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পৰ মুখ্য পৰামৰ্শদাতা ডাঃ এন্থনী ফাছীৰ ভূমিকাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ। এনেধৰণৰ খবৰো পোহৰলৈ আহিছে য’ত দাবী কৰা হৈছে যে ট্ৰাম্পে য়ুহানৰ যিটো পৰীক্ষাগাৰক কোৰোণা ভাইৰাছৰ জন্মস্থান বুলি কৈ আছে, সেই পৰীক্ষাগাৰলৈ ধনৰ যোগান ধৰিছিল এন্থনীয়ে। ফাছী আমেৰিকাৰ নেচনেল ইনষ্টিটিউট ফৰ এলাৰ্জী এণ্ড ইনফেকশ্যন ডিজিজৰ অধ্যক্ষ আৰু এই সংস্থাটোৱে য়ুহানৰ পৰীক্ষাগাৰটোক বিগত কিছু বছৰ ধৰি কোটি কোটি টকাৰ পুঁজি যোগান ধৰিছে। কেৱল য়ুহান ইনষ্টিটিউট অব ভাইৰ’লজীয়েই নহয়, চীনৰ আন কেইবাটাও প্ৰতিষ্ঠানক আমেৰিকাৰ প্ৰতিষ্ঠানে কোটি কোটি টকাৰ পুঁজি যোগান ধৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading