বাচি থকাৰ আশা কম! ICU-ত ভায়োলিন বজাই চিকিত্‍সকসকললৈ শ্ৰদ্ধা জনালে কোৰোণা ৰোগীয়ে!

News18 Assam | News18-Assam
Updated:November 22, 2020, 3:36 PM IST
বাচি থকাৰ আশা কম! ICU-ত ভায়োলিন বজাই চিকিত্‍সকসকললৈ শ্ৰদ্ধা জনালে কোৰোণা ৰোগীয়ে!
হাস্পতাল কৰ্মীসকলৰ কষ্টক সন্মান জনাই হাতত ভায়োলিন তুলি ল’লে গ্ৰোভাৰ উইলছনে।

হাস্পতাল কৰ্মীসকলৰ কষ্টক সন্মান জনাই হাতত ভায়োলিন তুলি ল’লে গ্ৰোভাৰ উইলছনে।

  • Share this:
সমগ্ৰ বিশ্বতে অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস। কোৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱা প্ৰায় এবছৰ হোৱাৰ পথত। বৰ্তমানো আবিষ্কাৰ হোৱা নাই কোৰোণাৰ ভেকচিন। বিশ্বৰ আগশাৰীৰ চিকিত্‍সা বিজ্ঞানী, ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানে কোৰোণাৰ ভেকচিন আবিষ্কাৰৰ বাবে এতিয়া দিন ৰাতি একাকাৰ কৰিছে।

প্ৰতিদিনেই কোৰোণাত আক্ৰান্ত হৈছে বহুলোক। বহু ৰোগী মৃত্যু মুখতো পৰিবলগীয়া হৈছে। কিন্তু একাংশ ৰোগীৰ অফুৰন্ত মানসিক শক্তিয়ে যেন পৰাস্ত কৰিছে কোৰোণাক।



কোৰোণাত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণি থকা এগৰাকী ৰোগীয়ে চিকিত্‍সকক সন্মান জনোৱাৰ বাবে কৰিছে বিশেষ কাম। বৰ্তমান আই চি ইউত চিকিত্‍সাধীন হৈ থকা ৰোগীজনে চিকিত্‍সক আৰু স্বাস্থ্যকৰ্মীৰ ত্যাগক সন্মান জনাই ভায়োলিন বজাই গীত পৰিবেশন কৰিলে।

ঘটনাটো সংঘটিত হৈছে আমেৰিকাত। নাকত অক্সিজেন মাস্ক পৰিধান কৰি থকাৰ অৱস্থাতে গ্ৰোভাৰ উইলছন নামৰ ৰোগীজনে চিকিত্‍সকক সংগীতেৰে জনোৱা এই সন্মান এতিয়া ছচিয়েল মি়ডিয়াত ভাইৰেল হৈ পৰিছে।
Published by: Himangshu Bhuyan
First published: November 22, 2020, 3:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading