WHOৰ সকীয়নি–সাজু থাকক, হয়তো কোৰোণাৰ সংক্ৰমণ কেতিয়াও শেষেই নহ’ব

News18 Assam | News18-Assam
Updated:May 14, 2020, 10:13 AM IST
WHOৰ সকীয়নি–সাজু থাকক, হয়তো কোৰোণাৰ সংক্ৰমণ কেতিয়াও শেষেই নহ’ব
WHO–এ স্পষ্ট কৰিছে যে হয়তো কোভিড-19 (Coronavirus) কেতিয়াও শেষ নহ’ব আৰু বিশ্বই ইয়াৰ সৈতে জীয়াই থকাৰ অভ্যাস কৰিব লাগিব। 

WHO–এ স্পষ্ট কৰিছে যে হয়তো কোভিড-19 (Coronavirus) কেতিয়াও শেষ নহ’ব আৰু বিশ্বই ইয়াৰ সৈতে জীয়াই থকাৰ অভ্যাস কৰিব লাগিব। 

  • Share this:
জেনেভাঃ বিশ্বক কিছু মাহৰ ভিতৰতে কোৰোণাৰ প্ৰতিষেধক উপলব্ধ কৰোৱাৰ ঘোষণাৰ পিছত এতিয়া ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন (WHO)–এ বিশ্বৰ সকলো দেশৰ কাৰণে সকীয়নি প্ৰদান কৰিছে যে সকলোৱে সাজু থকা উচিত এনে পৰিস্থিতিৰ কাৰণে য’ত এই সংক্ৰমণ কেতিয়াও শেষেই নহ’ব। WHO–এ স্পষ্ট কৰি দিছে যে হয়তো কোভিড–১৯ কেতিয়াও হয়তো শেষেই নহ’ব আৰু বিশ্বই ইয়াৰ সৈতে জীয়াই থকাৰ অভ্যাস কৰিব লাগিব।

WHOৰ জৰুৰীকালীন বিষয়ৰ সঞ্চালক মাইকেল ৰায়ানে জেনেভাৰ এক ভাৰ্চুৱেল সংবাদমেলত বুধবাৰে কয় যে কোৰোণা আমাৰ মাজৰে এনে এক ভাইৰাছলৈ ৰূপান্তৰ হ’ব পাৰে যি আনতকৈ পৃথক আৰু হয়তো কেতিয়াও শেষ নোহোৱা বিধৰ। তেওঁ এইচ আই ভিৰ উদাহৰণ দি কয় যে, এই ভাইৰাছো শেষ নাই হোৱা। মাইকেল ৰায়ানৰ মতে, ভেকচিনৰ অবিহনে সাধাৰণ ৰাইজৰ মাজত এই ৰোগক লৈ ইম্যুইনিটীৰ উপযুক্ত স্তৰ পাবলৈ কেইবাবছৰো লাগিব পাৰে।



WHO এ কয়–৮টা টীমে ভেকচিন প্ৰস্তুত কৰাৰ স্তৰত উপনীত হৈছে

ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংগঠনৰ মুৰব্বী টেডৰছ এডনাম গিব্ৰেয়েচ’ছে কৈছিল যে ভেকচিন প্ৰস্তুত কৰিবলৈ দ্ৰুত গতিৰে প্ৰয়াস চলোৱা হৈছে আৰু কমেও ১০০বিধ ভেকচিন বনোৱাৰ প্ৰয়াস চলি আছে। ইয়াৰে ৭–৮ বিধ প্ৰায় চূড়ান্ত স্তৰত উপনীত হৈছে। উল্লেখ্য যে, কেৱল WHO–এই নহয় বিশ্বৰ বিভিন্ন বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে যে হয়তো এনে কোনো ভেকচিন কেতিয়াও প্ৰস্তুতেই নহ’ব। বিশ্বৰ বিভিন্ন দেশে নিজৰ লকডাউন শিথিল কৰা আৰম্ভ কৰিছে আৰু টেডৰছে সকীয়নি প্ৰদান কৰিছে যে ইয়াৰ জৰিয়তে সংক্ৰমণ দ্ৰুত গতিৰে বাঢ়িব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যদি ভেকচিন প্ৰস্তুত হৈও যায় তেতিয়াও সমগ্ৰ বিশ্বত ইয়াক বলৱত্‍ কৰিবলৈ যথেষ্ট সময় লাগিব পাৰে আৰু এই ৰোগৰ পৰা পৰিত্ৰাণ ইমানে সহজে পোৱা নাযাব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading