বিদায় মা...মৃত্যুশয্যাত থকা কোৰোণা আক্ৰান্ত মাতৃক চাবলৈ হাস্পতাল বগাই খিৰিকীৰ বাহিৰত পুত্ৰ

News18 Assam | News18-Assam
Updated:July 21, 2020, 11:11 AM IST
বিদায় মা...মৃত্যুশয্যাত থকা কোৰোণা আক্ৰান্ত মাতৃক চাবলৈ হাস্পতাল বগাই খিৰিকীৰ বাহিৰত পুত্ৰ
কোভিড ১৯ত (Covid-19) মৃত্যুৰ পিছত বেছিভাগ মৃতদেহ পোনে পোনে পৰিয়ালক চমজাই দিয়া হয় বা হাস্পতালৰ তৰফৰ পৰাই সমাধিস্থ কৰা হয় বা জ্বলাই দিয়া হয়। হাস্পতালত চিকিৎসাধীন হৈ থকা ব্যক্তিক পৰিয়ালৰ সৈতে সাক্ষাতৰ অনুমতি নাথাকে। এনেকুৱাতে পেলেষ্টাইনৰ এখন ফটোৱে শোকাহত কৰিছে বিশ্বক। 

  • Share this:
বিশ্বৰ বহু দেশত কোৰোণাৰ সন্ত্ৰাস অব্যাহত। নিজৰ প্ৰিয়জনক শেষ সময়ত এবাৰ লগ কৰাৰ বা চোৱাৰ পৰা বঞ্চিত হোৱাৰ হৃদয়বিদাৰক বহু দৃশ্য ছচিয়েল মিডিয়াত উপলব্ধ। ইয়াৰ মাজতে অন্তৰ ভাঙি চূৰমাৰ কৰি দিয়া এখন ফটো ভাইৰেল হৈছে পেলেষ্টাইনৰ এজন ব্যক্তিৰ। হাস্পতালৰ ওখ মহলা বগাই কোৰোণাত আক্ৰান্ত মৃত্যুশয্যাত থকা মাতৃক খিৰিকীৰ বাহিৰৰ পৰা চাই ৰোৱা পুত্ৰৰ এই ছবিখনে মন গধুৰ কৰিব আপোনাৰো।

জানিব পৰা মতে ব্যক্তিজনৰ মাতৃ কোৰোণাত আক্ৰান্ত হৈ হাস্পতালত শেষ শয়নত আছিল আৰু পুত্ৰই হাস্পতালৰ ভৱন বগাই মাকক চাবলৈ গৈছিল দৈনিক। জিহাদ অল সুৱেতি নামৰ ব্যক্তিজন ৱেষ্ট বেংকৰ ৱেট আৱা চহৰৰ বাসিন্দা। জিহাদৰ ৭৩বছৰীয়া মাতৃ ৰাচমী সুৱেতি হেব্ৰনৰ ষ্টেট হাস্পতালৰ ICUত ভর্তি হৈ আছিল আৰু তেওঁৰ কোৰোণা হৈছিল।

সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে ৩০বছৰীয়া পুত্ৰই মাকক মাত্ৰ এবাৰ চাবলৈ দৈনিক খিৰিকীৰ বাহিৰত এনেকৈ বহি ৰৈছিল। যোৱা বৃহস্পতিবাৰে মাতৃৰ মৃত্যু ঘটে। এই ফটোখন টুইটাৰত সৰ্বপ্ৰথম শ্বেয়াৰ কৰা মহম্মদ সাফা নামৰ এজন মানৱাধিকাৰ কৰ্মীয়ে।
First published: July 21, 2020, 11:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading