• Home
  • »
  • News
  • »
  • world
  • »
  • ৩ বছৰৰ আইনী যুঁজৰ অন্তত অষ্ট্ৰেলিয়াৰ প্ৰৱাসী ভাৰতীয় দম্পতীয়ে লাভ কৰিলে চাৰ’গেছি পুত্ৰৰ অভিভাৱকৰ অধিকাৰ

৩ বছৰৰ আইনী যুঁজৰ অন্তত অষ্ট্ৰেলিয়াৰ প্ৰৱাসী ভাৰতীয় দম্পতীয়ে লাভ কৰিলে চাৰ’গেছি পুত্ৰৰ অভিভাৱকৰ অধিকাৰ

বোম্বাই মহানগৰ অসামৰিক আদালতে বিগত এটা নিৰ্দেশনা জাৰি কৰি দম্পতীহালক চাৰ’গেছি পুত্ৰ সন্তানটিৰ জৈৱিক আৰু আইনী অভিভাৱকক উভতাই দিবলৈ নিৰ্দেশ দিয়ে।

বোম্বাই মহানগৰ অসামৰিক আদালতে বিগত এটা নিৰ্দেশনা জাৰি কৰি দম্পতীহালক চাৰ’গেছি পুত্ৰ সন্তানটিৰ জৈৱিক আৰু আইনী অভিভাৱকক উভতাই দিবলৈ নিৰ্দেশ দিয়ে।

বোম্বাই মহানগৰ অসামৰিক আদালতে বিগত এটা নিৰ্দেশনা জাৰি কৰি দম্পতীহালক চাৰ’গেছি পুত্ৰ সন্তানটিৰ জৈৱিক আৰু আইনী অভিভাৱকক উভতাই দিবলৈ নিৰ্দেশ দিয়ে।

  • Share this:
আজিৰে পৰা প্ৰায় তিনি বছৰ পূৰ্বে এহাল প্ৰৱাসী ভাৰতীয় দম্পতীয়ে চাৰ’গেছি পদ্ধতিৰ জৰিয়তে ভাৰতত জন্ম লাভ কৰা নিজৰ পুত্ৰ সন্তানক অৱশেষত তেওঁলোকৰ স্থায়ী ভিছাত বাস কৰা দেশ অষ্ট্ৰেলিয়ালৈ লৈ যাব পাৰিব। বিগত ২ আগষ্ট তাৰিখে বোম্বাই মহানগৰ অসামৰিক আদালতে বিগত এটা নিৰ্দেশনা জাৰি কৰি দম্পতীহালক চাৰ’গেছি পুত্ৰ সন্তানটিৰ জৈৱিক আৰু আইনী অভিভাৱকক উভতাই দিবলৈ নিৰ্দেশ দিয়ে। দম্পতীহালে দাখিল কৰা অভিযোগ অনুসৰি, চাৰ’গেট মাতৃগৰাকীয়ে শিশুটোক অষ্ট্ৰেলিয়ালৈ নিব পৰাকৈ উপযুক্ত তথা আইনী কাগজী কামবোৰ সম্পূৰ্ণ কৰাত অসহযোগ কৰিছিল। এই অভিযোগৰ শুনানিত বোম্বাই মহানগৰ অসামৰিক আদালতৰ ন্যায়াধীশ শ্বেখ আকবৰ শ্বেখ জাফৰে আবেদনৰ অনুমতি দি কয় যে, ভাৰতত এনে কোনো আইন নাই যাৰ ওপৰত ভিত্তি কৰি উক্ত দম্পতীহালে চাৰ’গেছি প্ৰক্ৰিয়া সম্বন্ধে আইনী ঘোষনা বিচাৰিব পাৰে। অৱশ্যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান একাডেমিৰ কিছুমান নিৰ্দেশনা আছে। ৰাষ্ট্ৰীয় নিৰ্দেশনা অনুসৰি, এ.আৰ.টি ক্লিনিক, ২০০৫ৰ ত্বত্তাৱধানৰ বাবে আই.চি.এম.আৰ/এন.এ.এম.এছ দ্বাৰা চাৰ’গেট মাতৃক আইনীভাৱে মাতৃ হিমাপে স্বীকৃতি দিয়া নহয়।

মন কৰিবলগীয়া কথা যে, বিগত ২৬ মে’ তাৰিখে উক্ত দম্পতীহালে আদালতত চাৰ’গেছি পুত্ৰ সন্তানটিৰ জৈৱিক আৰু আইনী অভিভাৱকৰূপে স্বীকৃতিৰ ঘোষণাৰ বাবে এখন আবেদন দাখিল কৰে। লগতে, তেওঁলোকে নিজ পুত্ৰ সন্তানটিক জৈৱিক আৰু আইনী অভিভাৱকৰ ভিত্তিত স্থায়ীভাৱে ভাৰতৰ পৰা নিজ ঠাই অষ্ট্ৰেলিয়ালৈ নিবলৈ অনুমতিৰ বাবেও প্ৰাৰ্থনা কৰিছিল।

আদালতৰ শুনানিৰ সময়ত, দম্পতীহালৰ অধিবক্তা শুভাংগী বৈদ্য আৰু সঞ্জয় সাৱন্তে দম্পতীহাল আৰু চাৰ’গেট মাতৃৰ মাজত হোৱা এখন চুক্তিপত্ৰ দাখিল কৰিছিল যিখন ২০১৯চনৰ ৭ মাৰ্চ তাৰিখে স্বাক্ষৰিত হৈছিল। দম্পতীহালে দাবী কৰিছিল যে তেওঁলোকে এই প্ৰক্ৰিয়াৰ সকলো খৰচ পৰিশোধ কৰিছিল আৰু এই সময়ছোৱাত মাতৃক আৰ্থিকভাবে সহায়ো কৰিছিল।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ ৩০ অক্টোবৰ তাৰিখে চাৰ’গেট শিশুটিৰ জন্ম হৈছিল। চুক্তি অনুসৰি, দম্পতীহালে শিশুটোক তেওঁলোকৰ সৈতে অষ্ট্ৰেলিয়ালৈ নিবলৈ বহুকেইখন আইনী নথি প্ৰস্তুত কৰাৰ প্ৰয়োজন হৈছিল। দম্পতীহালে দাবী কৰিছিল যে যদিও চাৰ’গেট মাতৃয়ে আগতে আনুষ্ঠানিকতাবোৰ সহযোগ কৰিবলৈ সন্মত হৈছিল কিন্তু তেওঁ কাগজপত্ৰ সম্পূৰ্ণ কৰা নাছিল আৰু সেয়েহে তেওঁলোকে শিশুটোক তেওঁলোকৰ সৈতে অষ্ট্ৰেলিয়ালৈ নিবলৈ সক্ষম হোৱা নাছিল আৰু সন্তানটিক চাৰ’গেট মাতৃৰ সৈতে থৈ যাব লগা হৈছিল।
আদালতৰ আগত, চাৰ’গেট মাতৃয়ে প্ৰৱাসী ভাৰতীয় দম্পতীৰ দ্বাৰা বিচৰা অনুসৰি ঘোষণা মান্তি কৰাত আৰু শিশুটোক অষ্ট্ৰেলিয়ালৈ লৈ যোৱাত কোনো আপত্তি কৰা নাছিল।

আদালতে, চাৰ’গেট মাতৃয়ে দিয়া অনাপত্তিৰ কথা বিবেচনা কৰি, দম্পতীহালৰ আবেদনৰ অনুমতি দিয়ে আৰু তেওঁলোকক সন্তানৰ জৈৱিক পিতৃ-মাতৃ বুলি ঘোষণা কৰে আৰু তেওঁলোকক তেওঁলোকৰ সৈতে লৈ যোৱাৰ অনুমতিও প্ৰদান কৰে।
Published by:Sanjay Kumar Das
First published: