মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »সন্তানক স্কুললৈ পঠিয়াই পৰ্ণ ছবিৰ শ্বুট কৰে পিতৃ-মাতৃয়ে! সমস্যা আহিল অন্য অভিভাৱকৰ ফালৰ পৰা

সন্তানক স্কুললৈ পঠিয়াই পৰ্ণ ছবিৰ শ্বুট কৰে পিতৃ-মাতৃয়ে! সমস্যা আহিল অন্য অভিভাৱকৰ ফালৰ পৰা

Couple Secretly Work in Porn Films: ইংলেণ্ডৰ এই দম্পত্তিয়ে জনাইছে যে, পূৰ্বতে তেওঁলোক নাছিল এই পেছাত।

Couple Secretly Work in Porn Films: ইংলেণ্ডৰ এই দম্পত্তিয়ে জনাইছে যে, পূৰ্বতে তেওঁলোক নাছিল এই পেছাত।

Couple Secretly Work in Porn Films: ইংলেণ্ডৰ এই দম্পত্তিয়ে জনাইছে যে, পূৰ্বতে তেওঁলোক নাছিল এই পেছাত।

  • Share this:
নিজৰ ঘৰতে এডাল্ট ভিডিও অর্থাৎ পৰ্ণগ্ৰাফী ছবিৰ শ্বুটিং কৰে এটা দম্পত্তিয়ে। পুত্ৰ আৰু কন্যাক স্কুললৈ পঠিয়াই নিজৰ ঘৰতে চলাই পৰ্ণ ছবিৰ শ্বুটিং। কেইবামাহ ধৰি দুয়ো সেই ভিডিও বিক্ৰী কৰি আহিছে। প্ৰায় ৫ লাখ পাউণ্ডত বিক্ৰী কৰে ভিডিও। ভাৰতীয় মূল্যত যাৰ পৰিমাণ প্ৰায় ৫ কোটি টকা।

ইংলেণ্ডৰ চাউথএণ্ড এন টিৰ বাসিন্দা জেছ আৰু মাইক মিলাৰে পৰ্ণগ্ৰাফী ভিডিও বিক্ৰী কৰি টকা উপাৰ্জন কৰি আহিছে। কিন্তু বৰ্তমান তেওঁলোক এক অন্য সমস্যাৰ সন্মুখীন হৈছে। কাৰণ তেওঁলোকৰ উপাৰ্জনৰ পথটোক বহুলোকে ভাল চকুৰে চোৱা নাই। বিশেষকৈ তেওঁলোকৰ সন্তানে পঢ়া বিদ্যালয়ৰ অন্য ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে।



ইংলেণ্ডৰ এই দম্পত্তিয়ে জনাইছে যে, কিছুদিন আগলৈকে তেওঁলোক এই পেছাত নাছিল। ৩২ বছৰীয়া জেছে মেক আপ শিল্পী হিচাপে কাম কৰিছিল। কিন্তু উপাৰ্জন আছিল অনিয়মীয়া। ৩৩ বছৰীয়া মাইকে ইভেণ্ট মেনেজমেণ্টৰ সহকাৰী হিচাপে কাম কৰিছিল। এই কামৰ পৰা দম্পত্তিটোৰ মাহে উপাৰ্জন আছিল প্ৰায় ২ হাজাৰ পাউণ্ড। আৰু এতিয়া পৰ্ণগ্ৰাফী ভিডিও নিৰ্মাণ কৰি উপাৰ্জন কৰে মাহে অতি কমেও ৩০ হাজাৰ পাউণ্ড। ভাৰতীয় মূল্যত এই পৰিমাণ প্ৰায় ৩০ লাখ টকাৰ সমান।



কিন্তু সম্প্ৰতি এই দম্পত্তিটো বহু সমস্যাত পৰিছে। তেওঁলোকে নিজৰ সন্তানক স্কুলৰ পৰা আনিবলৈ যাওতে, বহুতৰ পৰা বিভিন্ন কথা শুনিবলগীয়া হয়। প্ৰথমে তেওঁলোকে এইবোৰ কথাক গুৰুত্ব দিয়া নাছিল যদিও লাহ লাহে অস্বস্তিত পৰা আৰম্ভ কৰে। জেছে অৱশ্যে জনাইছে যে, পেছাৰ স্বাৰ্থত তেওঁলোকে পৰ্ণগ্ৰাফী ভিডিও তৈয়াৰ কৰিছে। সেই কথা তেওঁলোকৰ সন্তানেও জানে। নাই তেওঁলোকৰ কোনো আপত্তি। গতিকে এই কথা ভাবিয়েই তেওঁলোক সুখী!

শেহতীয়া বাতৰি