• Home
  • »
  • News
  • »
  • world
  • »
  • Farmhouse : মাজৰাতি ফাৰ্মহাউছৰ দেৱালৰ সিপাৰৰ পৰা আহে অদ্ভূত শব্দ, হাতুৰীৰে দেৱাল ভঙাৰ পিছতেই পলাল দম্পতী!

Farmhouse : মাজৰাতি ফাৰ্মহাউছৰ দেৱালৰ সিপাৰৰ পৰা আহে অদ্ভূত শব্দ, হাতুৰীৰে দেৱাল ভঙাৰ পিছতেই পলাল দম্পতী!

ছচিয়েল মিডিয়াত দম্পতীটোৱে নিজৰ এই দুখজনক ঘটনাৰ কথা ছেয়াৰ কৰিছে। জীৱনৰ জমা ধনেৰে কম দামত ঘৰ কিনিবলৈ গৈ ঠগ খোৱাৰ পিছত ঘৰটোত থাকিও নাপালে শান্তি।

ছচিয়েল মিডিয়াত দম্পতীটোৱে নিজৰ এই দুখজনক ঘটনাৰ কথা ছেয়াৰ কৰিছে। জীৱনৰ জমা ধনেৰে কম দামত ঘৰ কিনিবলৈ গৈ ঠগ খোৱাৰ পিছত ঘৰটোত থাকিও নাপালে শান্তি।

ছচিয়েল মিডিয়াত দম্পতীটোৱে নিজৰ এই দুখজনক ঘটনাৰ কথা ছেয়াৰ কৰিছে। জীৱনৰ জমা ধনেৰে কম দামত ঘৰ কিনিবলৈ গৈ ঠগ খোৱাৰ পিছত ঘৰটোত থাকিও নাপালে শান্তি।

  • Share this:
সপোনৰ ঘৰ এটা কিনাৰ সকলোৰে ইচ্ছা থাকে। বহুলোকে জীৱনৰ সমস্ত আৰ্জনেৰে কিনে এনে একোটা সপোনৰ ঘৰ। কিন্তু এই ঘৰটো কিনোতেই যদি কোনোবাই ঠগি পেলায় কিনোতাক, তেনেহলে বাৰু কেনে লাগিব! এনে এক ঘটনাই সংঘটিত হ'ল আমেৰিকাৰ পেনছিলভিনিয়াৰ এক দম্পতীৰ সৈতে। তেওঁললোকে নিজৰ জমা টকাৰে কিনিছিল ১৫০ বছৰীয়া পুৰণি এটা ফাৰ্মহাউছ। ঘৰটো কিনি অতি আনন্দিত হৈ পৰিছিল পতি-পত্নী। কিন্তু তেওঁলোকৰ এই সুখ বেছি দিনলৈ নিটিকিল।

বহু দিন ধৰি ঘৰ এটা বিচাৰি থকাৰ পিছত ১৫০ বছৰীয়া পুৰণি ঘৰটো কিনি অতিশয় সুখী হৈছিল দুয়োজন। কিন্তু লাহে লাহে ঘৰটোক লৈ তেওঁলোকৰ আনন্দ কমি আহিবলৈ ধৰিলে। ঘৰটোত নিশা হ'লেই আজৱ ধৰণৰ শব্দ আহিবলৈ ধৰিছিল। মাজনিশা এই শব্দ অধিক হৈ পৰিছিল। এই আচৰিত শব্দটোক লৈ বিমোৰত পৰিল দম্পতী। ক্ৰমাত তেওঁলোকৰ উদ্বিগ্নতা বাঢ়িবলৈ ধৰিলে। তেওঁলোকে ভাবি পোৱা নাছিল আচলতে কি শব্দ এইটো, ক'ৰ পৰা আহিছে শব্দটো! উপায় নাপাই এটা মিস্ত্ৰীৰ দল মাতিলে দম্পতীটোৱে। তাৰ পিছতে ঘৰৰ ভিতৰত যি ওলাল তাকে দেখি মূৰে কপালে হাত দিলে দম্পতীয়ে।

দেৱালত আছিল ৪ লাখৰ বেছি মৌ মাখি।

মিস্ত্ৰীৰ দলটোৱে বিচাৰি উলিয়ালে যে তেওঁলোকৰ ঘৰৰ এখন দেৱালত ৪ লাখ মৌমাখিয়ে বাস কৰি আছে। তাকেই শুনি পতি-পত্নী দুয়ো মূৰ্ছা যোৱাৰ দৰে হ'ল। মৌমাখি জাক নেখেদালৈ ঘৰৰ পৰা আতৰি থাকিব লগা হ'ল দুয়োজন। CNNৰ আগত দুয়োজনে কয় যে ঘৰৰ মালিকে যেতিয়া খৰখেদাকৈ ঘৰটো বিক্ৰী কৰিবলৈ ওলাইছিল তেতিয়াই তেওঁলোকে কথাটো বুজি পাব লাগিছিল। কিন্তু তেতিয়া নিজৰ বাজেটত এনে ধুনীয়া ঘৰ এটা পোৱা কাৰণে বেলেগ কথা ভাবিললৈ তেওঁলোকৰ আহৰিয়েই নহ'ল।

মৌমাখিৰ জাক খেদিবলৈ খৰচ হ'ল ৮ লাখ টকা

ঘৰৰ দেৱালৰ পিছফালে থকা ৪ লাখ মৌমাখি খেদিবলৈ দম্পতীটোৱে খৰচ কৰিব লগা হ'ল ৮ লাখ টকা। ইমান বিশাল সংখ্যক মৌমাখি খেদিবলৈ এলেন লাটাঞ্জী নামৰ এজন মৌ বিশেষজ্ঞক ঠিকা দিব লগা হ'ল দম্পতীটোৱে। এলেনে এই বিশেষ কামৰ বাবে মাননী ল'লে ৮ লাখ টকা। এলেনে কয় যে তেওঁ ৪ বছৰ আগতেও এই ঘৰটোলৈ আহিছিল কিন্তু টকা নথকাৰ বাবে পুৰণি মালিকে মৌমাখিৰ জাকটো খেদিবলৈ নিদিলে।

৩৫ বছৰ ধৰি আছিল মৌমাখিৰ জাকটো

এলেনে কয় যে এই ঘৰটোৰ দেৱালত ৩৫ বছৰ ধৰি মৌমাখিৰ জাকটোৱে বাহ লৈ আছে। তেওঁৰ টীমটোৱে দেৱালৰপিছফালৰ পৰা প্ৰায় ৪ লাখ ৫০ হাজাৰ মৌমাখি আঁতৰায়। মৌমাখিৰ জাকটো আঁতৰাবলৈ হোৱা খৰচৰ বাবে দম্পতীটোৱে ৰাইজৰ পৰা সহায় ল'ব লগাও হৈছিল। এক কথাত কম দামত ঘৰ কিনিবলৈ গৈ কেৰেলাতকৈ গুটী দীঘল হ'ল দম্পতীটোৰ।
Published by:Manjumoni Borah
First published: