অনলাইন গ্ৰুপ মিটিং চলি থকাৰ মাজতে শাৰীৰিক সম্পৰ্কত লিপ্ত এজন অংশগ্ৰহণকাৰী! চৰম অস্বস্তিৰে গুৰুত্বপূৰ্ণ মিটিং সম্পন্ন আনসকলৰ!

News18 Assam | News18-Assam
Updated:August 20, 2020, 3:10 PM IST
অনলাইন গ্ৰুপ মিটিং চলি থকাৰ মাজতে শাৰীৰিক সম্পৰ্কত লিপ্ত এজন অংশগ্ৰহণকাৰী! চৰম অস্বস্তিৰে গুৰুত্বপূৰ্ণ মিটিং সম্পন্ন আনসকলৰ!
বিদ্য্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিবলগীয়া আহাৰৰ সন্দৰ্ভত অনলাইন গ্ৰুপ মেটিং চলি থকাৰ মাজতে শাৰীৰিক সম্পৰ্কত লিপ্ত হ’ল এগৰাকী অংশগ্ৰহণকাৰী।

বিদ্য্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিবলগীয়া আহাৰৰ সন্দৰ্ভত অনলাইন গ্ৰুপ মেটিং চলি থকাৰ মাজতে শাৰীৰিক সম্পৰ্কত লিপ্ত হ’ল এগৰাকী অংশগ্ৰহণকাৰী।

  • Share this:
কোৰোণাৰ ভয়াৱহতাৰ সময়ছোৱাত কিদৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আহাৰ বিতৰণ সুনিশ্চিত কৰিব পাৰি, সেই লৈ চলি আছিল অনলাইন আলোচনা। কিন্তু মিটিং চলি থকাৰ মাজতে অংশগ্ৰহণকাৰীসকল মুখামুখি হ’ল চৰম অস্বস্তিকৰ পৰিস্থিতিৰ।

ব্যক্তিগত কামৰ দোহাই দি এগৰাকী অংশগ্ৰহণকাৰীয়ে আধাতে সামৰিছিল মিটিং। আৰু এগৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হৈছিল লোকজন। কিন্তু নিজৰ কেমেৰা অফ কৰিবলৈ পাহৰি গৈছিল লোকজনে। ফলত মিটিঙত উপস্থিত থকা অন্যান্য অংশগ্ৰহণকাৰী পৰিবলগীয়া চৰম অস্বস্তিত।



ঘটনাটো সংঘটিত হৈছে ব্ৰাজিলত। শিশুৰ অধিকাৰৰ ওপৰত ৰিঅ’ ডি জেনেৰিঅ’ৰ চিটী অৱ কাউঞ্চিলে অনুষ্ঠিত কৰিছিল বৈঠকখন। অংশগ্ৰহণকাৰীজনৰ এনে কাণ্ডৰ বিৰুদ্ধে এতিয়া উচিত ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক দাবী জনাইছে মিটিঙত অংশগ্ৰহণৰকাৰী বাকীসকলে।
Published by: Himangshu Bhuyan
First published: August 20, 2020, 3:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading