টেনশ্যনত পাকিস্তানী! বিয়া পাতিবলৈও হাত দিবলগীয়া হৈছে মূৰে–কপালে

খাদ্য সামগ্ৰীকে ধৰি প্ৰতিটো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে পাকিস্তানৰ নাগৰিকৰ বাবে।

News18-Assam
Updated:September 24, 2019, 6:30 PM IST
টেনশ্যনত পাকিস্তানী! বিয়া পাতিবলৈও হাত দিবলগীয়া হৈছে মূৰে–কপালে
খাদ্য সামগ্ৰীকে ধৰি প্ৰতিটো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে পাকিস্তানৰ নাগৰিকৰ বাবে।
News18-Assam
Updated: September 24, 2019, 6:30 PM IST
তীব্ৰ আৰ্থিক সংকটত জুৰুলা পাকিস্তান। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে পাকিস্তানৰ নাগৰিকক। এনে অৱস্থাত এতিয়া পাকিস্তানত সাধাৰণ লোকৰ বাবে বিয়া পতাও কঠিন হৈ পৰিছে। বিয়াৰ ছিজন আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তানত মুৰ্গী মাংসৰ দামে চুইছেগৈ উচ্চতম স্তৰ। লগতে ফল–মূল, শাক–পাচলিৰ বহু সামগ্ৰীৰ দামে আকাশ চুইছে পাকিস্তানত।

মূল্যবৃদ্ধিত কোঙা পাকিস্তানত কেৱল খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে নহয়, পেট্ৰ’ল–ডিজেলৰ লগতে গাখীৰৰ দামো সাধাৰণ লোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।

>> বিগত মাহত পেট্ৰ’লৰ দাম ১১৭.৮৩ (পাকিস্তানী টকা) প্ৰতিলিটাৰ হৈছিল আৰু ডিজেলৰ দাম হৈছিল ১৩২.৪৭ টকা প্ৰতিলিটাৰ।

>> পাকিস্তানত পেট্ৰ’ল–ডিজেলতকৈ দাম বেছি হৈছে গাখীৰৰ। প্ৰতিলিটাৰ গাখীৰত ১৪০ টকা হৈছেগৈ দেশখনত।
>> বিয়াৰ বাবে অতি প্ৰয়োজনীয় সোণ। পাকিস্তানত সোণৰ মূল্য কিমান জানেনে? বৰ্তমান পাকিস্তানত ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ টকা।

এজন ব্যৱসায়ীৰ উদ্ধৃতিৰে এই ৰিপ’ৰ্টত লিখা হৈছে যে পাকিস্তানত এক কিলোগ্ৰাম ব্ৰইলাৰ মুৰ্গীৰ দাম ৪৮০–৫০০ টকা (হাড়ৰ সৈতে)। আনহাতে, হাড় নথকা ব্ৰইলাৰৰ দাম প্ৰতিকিলোট ৬০০–৭০০ টকা।

মুঠৰ ওপৰত এতিয়া চাৰিওফালৰ পৰা পাকিস্তান খাইছে কেঁকোৰা চেপা। ভাৰতক প্ৰতিটো কথাতে ভাবুকি দিয়া পাকিস্তানৰ প্ৰকৃত ছবিখন অতি পুতৌজনক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি