• Home
  • »
  • News
  • »
  • world
  • »
  • চীনত কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৮১১জনলৈ বৃদ্ধি, আক্ৰান্ত ৩৭ হাজাৰ

চীনত কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৮১১জনলৈ বৃদ্ধি, আক্ৰান্ত ৩৭ হাজাৰ

ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে দেওবাৰে কয় যে শনিবাৰে এই ভাইৰাছত আক্ৰান্ত হৈ ৮৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ২,৬৫৬জন নতুনকৈ আক্ৰান্ত হৈছে।

  • Share this:
চীনত ঘাতক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত লোকৰ সংখ্যা ৮১১জনলৈ বৃদ্ধি পাইছে। এই ভাইৰাছত আক্ৰান্ত হৈছে ৩৭ হাজাৰৰো অধিক লোক। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে দেওবাৰে কয় যে শনিবাৰে এই ভাইৰাছত আক্ৰান্ত হৈ ৮৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ২,৬৫৬জন নতুনকৈ আক্ৰান্ত হৈছে। আয়োগৰ মতে, এতিয়ালৈকে ৮১১জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৩৭,১৯৮জন আক্ৰান্ত হৈছে এই ভয়ংকৰ ভাইৰাছত।

দেশখনৰ চৰকাৰী সংবাদ সংস্থা ‘শিনহুৱা’ৰ এক খবৰ অনুসৰি, শনিবাৰে ৬০০ লোকক চিকিৎসাৰ অন্তত হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে, ইয়াৰ ভিতৰত আছে হুবেই অঞ্চলৰ ৩২৪জন লোক।
Published by:Sanjay Kumar Das
First published: