ভাৰত ২১ লাখ লোক সংক্ৰমিত হ’ব পাৰে কোৰোণাত, প্ৰতি ১৩ দিনত দুগুণ হৈছে আক্ৰান্তৰ সংখ্যা!

News18 Assam | News18-Assam
Updated:May 25, 2020, 12:15 PM IST
ভাৰত ২১ লাখ লোক সংক্ৰমিত হ’ব পাৰে কোৰোণাত, প্ৰতি ১৩ দিনত দুগুণ হৈছে আক্ৰান্তৰ সংখ্যা!
ভাৰতত এতিয়ালৈ ৪,০২৪জন লোকৰ মৃত্যু হৈছে কোৰোণাত। এতিয়া ভাৰতে ইৰাণকো পিছ পেলাই কোৰোণাত আক্ৰান্ত শীৰ্ষৰ ১০ দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

ভাৰতত এতিয়ালৈ ৪,০২৪জন লোকৰ মৃত্যু হৈছে কোৰোণাত। এতিয়া ভাৰতে ইৰাণকো পিছ পেলাই কোৰোণাত আক্ৰান্ত শীৰ্ষৰ ১০ দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

  • Share this:
বিশ্বৰ কোৰোণা ভাইৰাছৰ হটস্পট দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ভাৰতো। বৰ্তমান ভাৰতত ১,৩৮,৫০০তকৈও অধিক লোক আক্ৰান্ত হৈছে কোভিড–১৯ত। ভাৰতত এতিয়ালৈ ৪,০২৪জন লোকৰ মৃত্যু হৈছে কোৰোণাত। এতিয়া ভাৰতে ইৰাণকো পিছ পেলাই কোৰোণাত আক্ৰান্ত শীৰ্ষৰ ১০ দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। শেহতীয়াকৈ ইউনিভাৰ্ছিটী অব মিচিগান আৰু জন হপকিন্ছ ইউনিভাৰ্ছিটীয়ে কোৰোণা মডেলৰ জৰিয়তে সকীয়নি প্ৰদান কৰিছে যে ভাৰতত জুলাইৰ প্ৰথম সপ্তাহলৈ ২১ লাখ লোক কোৰোণাৰ সংক্ৰমণৰ চিকাৰ হ’ব পাৰে।

ইউনিভাৰ্ছিটী অব মিচিগানৰ বায়’ষ্টেটিষ্টিকছ আৰু মহামাৰী ৰোগ বিশেষজ্ঞ প্ৰফেচৰ ভ্ৰমৰ মুখাৰ্জীয়ে সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছক ভাৰতৰ বাবে প্ৰস্তুত কৰা এক মডেলৰ জৰিয়তে জনায় যে ভাৰতত পৰিস্থিতি আৰু অধিক গুৰুতৰ হ’ব পাৰে। প্ৰফেচৰ ভ্ৰমৰ মুখাৰ্জীৰ মতে ভাৰতত সংক্ৰমণৰ বৃদ্ধিৰ হাৰ কমা নাই। চৰকাৰী তথ্য অনুসৰি ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্তৰ ঘটনা প্ৰতি ১৩ দিনত দুগুণ হৈছে। এনে অৱস্থাত চৰকাৰে লকডাউন শিথিল কৰিলে বিপদ বাঢ়িব পাৰে।
First published: May 25, 2020, 12:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading