অক্সফোৰ্ডে প্ৰস্তুত কৰা কোৰোণা ভেকচিনে দেখুৱাইছে আশাৰ ৰেঙণি, পৰীক্ষামূলক ভাবে লাভ কৰিছে সুফল

Himangshu Bhuyan | News18-Assam
Updated:May 16, 2020, 3:07 PM IST
অক্সফোৰ্ডে প্ৰস্তুত কৰা কোৰোণা ভেকচিনে দেখুৱাইছে আশাৰ ৰেঙণি, পৰীক্ষামূলক ভাবে লাভ কৰিছে সুফল
প্ৰস্তুত কৰি উলিওৱা কোৰোণা ভাইৰাছৰ ভেকচিন গৱেষকসকলে ছটা বান্দৰৰ দেহত প্ৰয়োগ কৰিছিল

প্ৰস্তুত কৰি উলিওৱা কোৰোণা ভাইৰাছৰ ভেকচিন গৱেষকসকলে ছটা বান্দৰৰ দেহত প্ৰয়োগ কৰিছিল

  • Share this:
কোৰোণাক প্ৰতিৰোধ কৰিবলৈ এতিয়া সকলোৱে একেলগে যুঁজি দিছে। চিকিত্‍সা বিজ্ঞানীসকলে দিনে নিশাই কোৰোণাৰ ভেকচিন নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজতে অক্সফোৰ্ডৰ জেনাৰ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে দেখুৱাইছে কিছু আশাৰ ৰেঙণি।

আমেৰিকা আৰু ব্ৰিটেইনৰ সংবাদ মাধ্যমে উল্লেখ কৰিছে যে, অক্সফোৰ্ডৰ জেনাৰ ইনষ্টিটিউটত কোৰোণাৰ ভেকচিন নিৰ্মানৰ বাবে কাম চলি আছে। প্ৰস্তুত কৰি উলিওৱা কোৰোণা ভাইৰাছৰ ভেকচিন গৱেষকসকলে ছটা বান্দৰৰ দেহত প্ৰয়োগ কৰিছিল। আৰু এই পৰীক্ষাই দিছে যোগাত্মক সংকেত। বুধবাৰে এই পৰীক্ষাৰ বিষয়ে জানিবলৈ দিয়ে প্ৰতিষ্ঠানটোৱে।

এতিয়া এই ভেকচিন পৰীক্ষামূলক ভাবে মানুহৰ দেহত প্ৰয়োগ কৰা হৈছে। সেইদৰে কেইদিনমানৰ পিছতে বিজ্ঞানীসকলে পুনৰ ৰিভিউ কৰিব ভেকচিনটো। ব্ৰিটেইনৰ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠান AZN.Lএ যোৱা মাহত ঘোষণা কৰিছিল যে, তেওঁলোকে অক্সফোৰ্ড ভেকচিন গ্ৰুপৰ সৈতে মিলি কোৰোণা ভাইৰাছৰ টিকাৰ ওপৰত কাম কৰি আছে।

অক্সফোৰ্ডৰ জেনাৰ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে, ছটা বান্দৰৰ শৰীৰত কোৰোণা ভাইৰাছৰ ডোজ দিয়াৰ পূৰ্বে বান্দৰৰ শৰীৰত এই ভেকচিন প্ৰয়োগ কৰা হৈছিল। আৰু তাৰ ১৪ দিনৰ পিছত কেইটামান বান্দৰৰ দেহত অণ্টিবডি বিকাশ হৈছিল। সেইদৰে বাকীথকা কেইটাৰ দেহত ২৮ দিনত বিকাশ হৈছিল।

কোৰোণাৰ ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ পিছতো এই ভেকচিনে বান্দৰৰ হাওফাওৰ ক্ষতি ৰোধ কৰাৰ লগত সংক্ৰমণত দিছে বাধা। কিন্তু ভাইৰাছটো নাকত সক্ৰিয় হৈ থকা দেখা গৈছিল।

বান্দৰৰ ওপৰত চলোৱা এই পৰীক্ষামূলক ভেকচিনৰ সম্ভৱনাপূৰ্ণ ফলাফলক এতিয়া ভাল খবৰ বুলি অভিহিত কৰিছে লণ্ডন স্কুল অফ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ ফাৰ্মাক’পাইডেমিওলজিৰ অধ্যাপক ষ্টিফেন ইভানছে।

সফল হোৱাৰ সম্ভাৱনা কিমান?

ভেকচিন বান্দৰৰ দেহত সফল হোৱাটো এতিয়া অত্যন্ত আশাপ্ৰদ। কিন্তু একাংশ বিজ্ঞানীয়ে কৈছে যে, যদি কোনো টীকাই বান্দৰক ৰক্ষা কৰিব পাৰে তেন্তে  মানুহৰ দেহত এই টীকাই কাম কৰা সম্ভাৱনা খুব কম থাকে।

যোৱা ১৩ মে’ত ১০০০তকৈও অধিক লোকৰ দেহত এই ভেকচিন তেওঁলোকৰ স্ব-ইচ্ছাত প্ৰয়োগ কৰা হৈছে। আৰু অহা মাহত এই সম্পৰ্কত এক স্পষ্ট ধাৰণা কৰিব পৰা হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading