হাতত বন্দুক লৈ আমেৰিকাত ল’ক ডাউনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক সমৰ্থন কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’লে- ‘বৰ ভাল মানুহ’

News18 Assam | News18-Assam
Updated:May 2, 2020, 11:11 AM IST
হাতত বন্দুক লৈ আমেৰিকাত ল’ক ডাউনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক সমৰ্থন কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’লে- ‘বৰ ভাল মানুহ’
কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰতো অব্যাহত আছে ল’ক ডাউন।

কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰতো অব্যাহত আছে ল’ক ডাউন।

  • Share this:
কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰতো অব্যাহত আছে ল’ক ডাউন। কিন্তু প্ৰায়েই ল’ক ডাউনৰ বিৰুদ্ধে মন্তব্য কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ল’ক ডাউনৰ বিৰুদ্ধে দেশখনত এতিয়া ঠায়ে ঠায়ে গঢ়ি উঠিছে তীব্ৰ প্ৰতিবাদ।

শুকুৰবাৰে দেশখনত ল’ক ডাউন প্ৰত্যাহাৰ কৰিবলৈ একাংশই হাতত বন্দুকলৈ প্ৰতিবাদ কৰা দেখা গ’ল। এই প্ৰতিবাদকাৰীসকললৈ আনকি সমৰ্থন আগবঢ়ালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও। ল’ক ডাউৰ বিৰোধিতাৰে আমেৰিকাৰ মিছিগন প্ৰদেশত আটাইতকৈ বেছি প্ৰতিবাদ হোৱা দেখা গৈছে।

ল’ক ডাউনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলক ‘ভাল মানুহ’ বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে, ‘মিছিগনৰ গভৰ্ণৰে কিছু প্ৰয়াস কৰি এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগে। এইসকল অত্যন্ত ভাল মানুহ। তেওঁলোক এতিয়া খঙত আছে। তেওঁলোকে নিজৰ জীৱন সুৰক্ষিত কৰিবলৈ ল’ক ডাউন প্ৰত্যাহাৰ কৰাটো বিচাৰিছে। তেওঁলোকৰ সৈতে কথা পাতক, বুজাপৰা লৈ আহক।’




উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে কেৱল ল’ক ডাউনেই উলংঘা কৰা নাই, আনকি বুলেটপ্ৰুফ জেকেট পৰিধান কৰি, হাতে হাতে বন্দুক লৈ গভৰ্ণৰ অফিচ ঘেৰাও কৰি ল’ক ডাউন প্ৰত্যাহাৰ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।



আমেৰিকাৰ কেৱল মিছিগন প্ৰদেশতে প্ৰতিবাদ হোৱা নাই, আমেৰিকাৰ বহু কেইখন ৰাজ্যত ল’ক ডাউনৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰা দেখা গ’ল। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে আনকি বল প্ৰয়োগো কৰিবলগীয়া হ’ল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading