মাৰাত্মক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০০০লৈ বৃদ্ধি, আক্ৰান্ত ৪২,২০০জন

News18 Assam | News18-Assam
Updated:February 11, 2020, 11:42 AM IST
মাৰাত্মক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০০০লৈ বৃদ্ধি, আক্ৰান্ত ৪২,২০০জন
১০ ফেব্ৰুৱাৰীত চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিঙে বেইজিঙৰ এখন হাস্পতালত উপস্থিত হৈ চিকিৎসা কৰ্মী আৰু এই ভাইৰাছত আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লয়।

১০ ফেব্ৰুৱাৰীত চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিঙে বেইজিঙৰ এখন হাস্পতালত উপস্থিত হৈ চিকিৎসা কৰ্মী আৰু এই ভাইৰাছত আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লয়।

  • News18 Assam
  • Last Updated: February 11, 2020, 11:42 AM IST
  • Share this:
চীনত কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যাই পাৰ কৰিলে হাজাৰৰ ঘৰ। চৰকাৰী তথ্য অনুসৰি, বৰ্তমান ৪২,২০০ লোক আক্ৰান্ত হৈ আছে এই ভাইৰাছত। হুবেই প্ৰান্তত নতুনকৈ ১০৩জন লোকৰ মৃত্যুকে ধৰি ১১ ফেব্ৰুৱাৰীত দেশখনত মৃতকৰ সংখ্যা ১০১৬জনলৈ বৃদ্ধি পালে। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে নিজৰ দৈনিক ৰিপ’ৰ্টত কৈছে যে ২,৫০০ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে এই সংখ্যা বৃদ্ধি পালে ৪২,৬৩৮লৈ।

উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ মিছনৰ দল সোমবাৰে চীনত উপস্থিত হৈছে। আনহাতে, ১০ ফেব্ৰুৱাৰীত চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিঙে বেইজিঙৰ এখন হাস্পতালত উপস্থিত হৈ চিকিৎসা কৰ্মী আৰু এই ভাইৰাছত আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি