স্বস্তিৰ খবৰ! ছেপ্তেম্বৰ মাহত ওলাব পাৰে কোৰোণা ভাইৰাছৰ ভেকচিন, প্ৰকাশ কৰিলে অক্সফ’ৰ্ডে

News18 Assam | News18-Assam
Updated:April 28, 2020, 10:03 AM IST
স্বস্তিৰ খবৰ! ছেপ্তেম্বৰ মাহত ওলাব পাৰে কোৰোণা ভাইৰাছৰ ভেকচিন, প্ৰকাশ কৰিলে অক্সফ’ৰ্ডে
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰাছে জনায়, আণ্ডাৰ ট্ৰায়েল ভেকচিনবিধক বিশ্ববাসীৰ স্বাস্থৰ হকে ব্যৱহাৰ কৰা হ’ব। এই ভেকচিন যাতে সকলোৱে পাব পাৰে তাৰ কাৰণে অতি সস্তাকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব। 

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰাছে জনায়, আণ্ডাৰ ট্ৰায়েল ভেকচিনবিধক বিশ্ববাসীৰ স্বাস্থৰ হকে ব্যৱহাৰ কৰা হ’ব। এই ভেকচিন যাতে সকলোৱে পাব পাৰে তাৰ কাৰণে অতি সস্তাকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব। 

  • Share this:
লণ্ডনঃ কোৰোণাৰ সৈতে যুঁজিবলৈ সমগ্ৰ বিশ্বই চেষ্টা কৰি থকাৰ সময়তে আশাৰ ৰেঙণি দেখুৱাইছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে। কোৰোণাৰ প্ৰতিষেধক ছেপ্তেম্বৰ মাহৰ ভিতৰত ওলোৱাৰ আশা কৰিছে বিশ্ববিদ্যালয়খনে। অক্সফ’ৰ্ডৰ গৱেষকৰ তত্বাৱধানত ইতিমধ্যে এই প্ৰতিষেধকৰ মানুহৰ ওপৰত ব্যৱহাৰো আৰম্ভ হৈছে।

জনোৱা হৈছে যে, যিভাৱে কাম চলিছে সেই মতে ছেপ্তেম্বৰৰ মাজভাগত ভেকচিন সমগ্ৰ বিশ্বত উপলব্ধ হ’ব। মে’ মাহৰ মাজলৈকে ৬০হাজাৰৰো অধিক মানুহৰ ওপৰত এই ভেকচিব পৰীক্ষা কৰা হ’ব। নিউয়ৰ্ক টাইমছৰ খবৰ অনুসৰি নিয়ামক সংস্থাৰ জৰুৰী অনুমোদনৰ পিছত ছেপ্তেম্বৰ মাহৰ পৰা ভেকচিনৰ প্ৰয়োগ আৰম্ভ হোৱাৰ আশা কৰা হৈছে।



এই ভেকচিন প্ৰস্তুত কৰা দলৰ অন্যতম গৱেষক ভিনচেণ্ট মুনষ্টাৰৰ মতে, 'আমাৰ লেবত যিসমূহ প্ৰচুৰ পৰিমাণৰ কোৰোণা ভাইৰাছ থকা যেনে বান্দৰ আদি জন্তুৰ ওপৰত এই ভেকচিন প্ৰয়োগৰ ২৮দিন পিছতে সুস্থ হৈ উঠা দেখিবলৈ পোৱা গৈছে।' অৱশ্যে গৱেষকসকলৰ একাংশৰ মতে বান্দৰৰ শৰীৰত কাম কৰিলেই মানুহৰ শৰীৰতো একেই দ্ৰুত গতিত কাম কৰিব বুলি ধৰিব পৰা নাযায়।

সেইমতে আশাবাদী হৈছে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰাছে জনায়, আণ্ডাৰ ট্ৰায়েল ভেকচিনবিধক বিশ্ববাসীৰ স্বাস্থৰ হকে ব্যৱহাৰ কৰা হ’ব। এই ভেকচিন যাতে সকলোৱে পাব পাৰে তাৰ কাৰণে অতি সস্তাকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading