অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বৃহত্‍ সফলতা, দ্বিতীয়বাৰলৈ মানৱ দেহত সফল পৰীক্ষণ কোৰোণা ভেকচিনৰ

News18 Assam | News18-Assam
Updated:July 20, 2020, 9:03 PM IST
অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বৃহত্‍ সফলতা, দ্বিতীয়বাৰলৈ মানৱ দেহত সফল পৰীক্ষণ কোৰোণা ভেকচিনৰ
অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বৃহত্‍ সফলতা, দ্বিতীয়বাৰলৈ মানৱ দেহত সফল পৰীক্ষণ কোৰোণা ভেকচিনৰ

অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বৃহত্‍ সফলতা, দ্বিতীয়বাৰলৈ মানৱ দেহত সফল পৰীক্ষণ কোৰোণা ভেকচিনৰ

  • Share this:
বহু প্ৰতিক্ষিত অক্সফোৰ্ডৰ কোৰোণা ভেকচিন মানৱ দেহত প্ৰথম পৰ্যায়ত পৰীক্ষণ সফল ভাবে সম্পন্ন কৰা হৈছে। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ দাবী, এই ভেকচিন অতি নিৰাপদ আৰু ই বৃদ্ধি কৰিছে মানৱ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা।

এই ট্ৰাইলত ১ হাজাৰ ৭৭ জন লোকক সামৰি লোৱা হৈছিল। আৰু সকলোৰে দেহত ইনজেকশ্যনৰ মাধ্যমেৰে প্ৰয়োগ কৰিছিল প্ৰস্তুত কৰা কোৰোণাৰ ভেকচিন। যাতে এণ্টিবডি আৰু শ্বেত ৰক্ত কণিকাৰ বিকাশ হয় আৰু কোৰোণাৰ বিৰুদ্ধে যুঁজ দিব পাৰে। ইতিমধ্যে এই ভেকচিনৰ ১০ কোটি ড’জ অৰ্ডাৰ দিছে ব্ৰিটিছ চৰকাৰে।

কিদৰে কাম কৰিছে এই ভেকচিনেঃ

ভেকচিনৰ নাম ChAdOx1 nCoV-19৷ কোৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ কম দিনৰ ভিতৰতে এই ভেকচিন প্ৰস্তুত কৰিছে চিকিত্‍সা বিজ্ঞানীসকলে। গিলৱাৰ্টৰ নেতৃত্বত অক্সফোৰ্ডৰ গৱেষকৰ দাবী, তেওঁলোকে প্ৰস্তুত কৰা ভেকচিনে টি-চেল তৈয়াৰ কৰিবলৈও সক্ষম। সফল পৰীক্ষণৰ পিছত তেওঁলোকে আৰম্ভ কৰিছে পৰীক্ষামূলক ক্লিনিকেল ট্ৰাইল।

ভেকচিন কিমান নিৰাপদঃ

বিবিচিত প্ৰকাশ পোৱা খবৰ অনুযায়ী, ভেকচিন প্ৰয়োগৰ পিছত কোনো জটিল পাৰ্শ্বক্ৰিয়া হোৱা নাই। যিসকলৰ ওপৰত প্ৰয়োগ কৰা হৈছিল, তাৰে ৭০ শতাংশই জনাইছিল যে, তেওঁলোকৰ জ্বৰ আৰু মূৰৰ বিষ হৈছিল।

তেতিয়া গৱেষকে কয় যে, এই জ্বৰ আৰু মূৰৰ বিষ পেৰাচিটামল ব্যৱহাৰৰ জৰিয়তে ঠিক হৈ যাব। গিলবাৰ্টৰ মন্তব্য অনুসৰি, ‘আমাৰ এই ভেকচিনে কোৰোণা নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু সঠিক ভাবে এতিয়াও ক’ব পৰা হোৱা নাই। এতিয়াও বহু খিনি বাকী আছে। কিন্তু প্ৰাথমিক ৰিজাল্টে আমাক উত্‍সাহিত কৰিছে।’
Published by: Himangshu Bhuyan
First published: July 20, 2020, 9:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading