ভাৰত আহি পালেহি কোৰোণা ভাইৰাছ, চীনত এতিয়ালৈ ৮০জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:January 27, 2020, 9:23 AM IST
ভাৰত আহি পালেহি কোৰোণা ভাইৰাছ, চীনত এতিয়ালৈ ৮০জনৰ মৃত্যু
এই ভাইৰাছত বৰ্তমানলৈ ২৩০০ লোক আক্ৰান্ত হৈছে। ১.১ কোটি আবাদীৰ চীনৰ য়ুহান চহৰ এই ভাইৰাছৰ মুখ্য কেন্দ্ৰ।

এই ভাইৰাছত বৰ্তমানলৈ ২৩০০ লোক আক্ৰান্ত হৈছে। ১.১ কোটি আবাদীৰ চীনৰ য়ুহান চহৰ এই ভাইৰাছৰ মুখ্য কেন্দ্ৰ।

  • Share this:
চীনত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ এইপৰ্যন্ত ৮০জন লোকৰ মৃত্যু হৈছে। আমেৰিকাসহ এক ডজনৰো অধিক দেশলৈ সম্প্ৰসাৰিত হৈছে এই ভয়ংকৰ ভাইৰাছ। ভাৰততো ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। ৰাজস্থানৰ জয়পুৰত এজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে।

জয়পুৰৰ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা কোৰোণা ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা যুৱকজন চীনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি আছিল। ভাৰতলৈ অহাৰ পিছত যুৱকজনৰ দেহত কোৰোণা ভাইৰাছৰ লক্ষণ দেখা যায়। তাৰ পিছতে হাস্পতালত ভৰ্তি কৰোৱা হয় যুৱকজনক। যুৱকজনক পৃথক ৱাৰ্ডত ৰখাৰ লগতে পৰিয়ালৰ সকলোৰে স্ক্ৰীণিঙৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে এই ভাইৰাছত বৰ্তমানলৈ ২৩০০ লোক আক্ৰান্ত হৈছে। ১.১ কোটি আবাদীৰ চীনৰ য়ুহান চহৰ এই ভাইৰাছৰ মুখ্য কেন্দ্ৰ। য়ুহানৰ পৰা আৰম্ভ হোৱা এই ভাইৰাছ এতিয়া সমগ্ৰ চীনলৈ বিয়পি পৰিছে। আমেৰিকা, ফ্ৰান্স আৰু ৰাছিয়াই নিজৰ নাগৰিকসকলক য়ুহান চহৰৰ পৰা ঘূৰাই অনাৰ প্ৰস্তুতি চলাইছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি