সাৱধান! ম’বাইলৰ স্ক্ৰীন, কাগজৰ নোটত ২৮ দিন পৰ্যন্ত বাচি থাকিব পাৰে কোৰোণা ভাইৰাছ, গৱেষকৰ দাবী

News18 Assam | News18-Assam
Updated:October 12, 2020, 12:21 PM IST
সাৱধান! ম’বাইলৰ স্ক্ৰীন, কাগজৰ নোটত ২৮ দিন পৰ্যন্ত বাচি থাকিব পাৰে কোৰোণা ভাইৰাছ, গৱেষকৰ দাবী
বিপদ এৰাই চলিবলৈ গৱেষকসকলে নিয়মিত চাবোনেৰে হাত ধোৱা তথা চেনিটেইজাৰ ব্যৱহাৰত জোৰ দিছে।

বিপদ এৰাই চলিবলৈ গৱেষকসকলে নিয়মিত চাবোনেৰে হাত ধোৱা তথা চেনিটেইজাৰ ব্যৱহাৰত জোৰ দিছে।

  • Share this:
কাগজৰ নোট, ম’বাইলৰ স্ক্রীনত প্রায় এক মাহ বাচি থাকিব পাৰে কোৰোণা ভাইৰাছ (Corona Virus)। নতুন গবেষণাত এই দাবী অষ্ট্ৰেলিয়াৰ গৱেষকৰ। এই বিপদ এৰাই চলিবলৈ কি কি কৰিব লাগে সেই লৈ পৰামৰ্শ দিছে বিজ্ঞানীসকলে।

কোৰোণা ভাইৰাছ ম’বাইলৰ স্ক্রীন (Mobile Screen) অথবা কাগজৰ নোটৰ (Currency) জৰিয়তে বিয়পিব পাৰে নে কি? মহামাৰীৰ মাজতে এই প্ৰশ্ন বাৰে বাৰে উত্থাপন হৈছিল। ভাইৰ’লজি জাৰ্নেলত এই সংক্ৰান্তীয় প্ৰশ্নৰ উত্তৰ দিছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংস্থা CSIRO-ৰ গৱেষকে। তেও‍ঁলোকে জনাইছে, সাধাৰণ ফ্লু-ৰ জীৱাণুতকৈ অধিক সময় জীয়াই থাকে এই ভাইৰাছ। কাগজৰ নোট, কাঁচ তথা ষ্টেইনলেছ ষ্টীলত ২৮ দিন পৰ্যন্ত টিকি থাকিব পাৰে কোৰোণা ভাইৰাছ।

CSIRO-ৰ গৱেষকসকলে জনাইছে, ২০ ডিগ্রী তাপমাত্রাত প্লাষ্টিকৰ মুদ্ৰানোট বা ম’বাইল ফোনৰ স্ক্ৰীণত ব্যৱহৃত কাঁচত ২৮ দিন পৰ্যন্ত সক্ৰিয় হৈ থাকিব পাৰে ন’ভেল কোৰোণা ভাইৰাছ। য’ত সাধাৰণ ফ্লুৰ বীজাণু ১৭ দিন পৰ্যন্ত বাচি থাকে। সেই পৰিপ্ৰেক্ষিতত তাপমাত্ৰা বৃদ্ধিৰ লগে লগে ইয়াৰ সক্ৰিয়তা কমি যায়। ৪০ ডিগ্রী তথা তাতকৈও বেছি তাপমাত্ৰাত কোৰোণা ভাইৰাছৰ কাৰ্যকৰীতা যথেষ্ট কমি যায়। নিয়ন্ত্রিত পৰিস্থিতিত ২০, ৩০ তথা ৪০ ডিগ্রী চেলচিয়াছ তাপমাত্রাত কৃত্রিম শ্লেষ্মাত উপস্থিত শুকান ভাইৰাছৰ পৰীক্ষা কৰি এই ফল পোৱা গৈছে। এই দেখিয়ে বিজ্ঞানীসকলৰ সতর্কবাণী, গৰমৰ তুলনাত শীতকালত অধিক ভোগাব এই জীৱাণুৱে।

গৱেষকসকলৰ মতে, বেংকৰ নোট, এটিএম, ফোন, বিমানবন্দৰৰ চেক ইন কিয়স্কৰ পৰা সংক্রমণ বিয়পি পৰাৰ আশংকা যথেষ্ট। বিপদ এৰাই চলিবলৈ তেওঁলোকে নিয়মিত চাবোনেৰে হাত ধোৱা তথা চেনিটেইজাৰ ব্যৱহাৰত জোৰ দিছে। ইয়াৰ বাহিৰেও নিয়ম মানি এটিএম, কিয়স্ক আদিত চেনিটাইজিঙৰ পৰামৰ্শ দিছে তেওঁলোকে। CSIROৰ মুৰব্বী লেৰী মার্চেলে জনায়, গৱেষণাত ঠাণ্ডা আৱহাৱাত ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ বিষয়টো পৰিষ্কাৰ হৈছে। মাংস প্রক্রিয়াকৰণ তথা কেঁচা বজাৰত সংক্ৰমণ অধিক হোৱা দেখা গৈছে। সেয়ে নিয়মীয়াকৈ চাবোন তথা চেনিটাইজাৰ ব্যৱহাৰত জোৰ দিছে তেওঁলোকে।
First published: October 12, 2020, 12:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading