মৃ্ত্যু উপত্যকাত পৰিণত হোৱা ইটালীৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাত ব্যস্ত এগৰাকী অসম সন্তান

News18 Assam | News18-Assam
Updated:March 25, 2020, 10:38 PM IST
মৃ্ত্যু উপত্যকাত পৰিণত হোৱা ইটালীৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাত ব্যস্ত এগৰাকী অসম সন্তান
ক’ৰোণাৰ সংহাৰী ৰূপত বৰ্তমান মৃতু উপত্যকাত পৰিণত হৈছে ইটালী।

ক’ৰোণাৰ সংহাৰী ৰূপত বৰ্তমান মৃতু উপত্যকাত পৰিণত হৈছে ইটালী।

  • Share this:
বৰ্তমান সমগ্ৰ বিশ্বতে ক’ৰোণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। ক’ৰোণাৰ সংহাৰী ৰূপত বৰ্তমান মৃত্যু উপত্যকাত পৰিণত হৈছে ইটালী। বৰ্তমান ইটালীত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰেও বিশেষ ব্যৱস্থা হাতত লৈছে। তাৰ মাজতে চৰ্চালৈ আহিছে এজন অসমীয়া।

ইটালীৰ ৰোমৰ পৰা শেষৰখন বিমানত ২৬৩জন ভাৰতীয়ক উদ্ধাৰ কৰি দেশলৈ পঠিয়াইছে গৌতম বৰঠাকুৰ নামৰ এজন অসমীয়া ব্যক্তিয়ে। কিন্তু নিজে এতিয়াও আবদ্ধ হৈ আছে ইটালীত।  গুৱাহাটীৰ গৌতম বৰঠাকুৰ ৰোমত এয়াৰ ইণ্ডিয়াৰ এয়াৰপৰ্ট মেনেজাৰ। সকলো লোকে প্ৰাণৰ মমতাত ইটালীত ঘৰ-দুৱাৰ মাৰি সোমাই থকাৰ সময়ত এইজন অসম সন্তান এতিয়া ব্যস্ত হৈ পৰিছে বিপদত পৰা ভাৰতীয়সকলৰ উদ্ধাৰ অভিযানত।

দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ স্বাৰ্থত  এতিয়া ইটালীতে গৌতমক কিছুদিন থকাতো বিচাৰিলে এয়াৰ ইণ্ডিয়াই। ৰোমলৈ বদলি হোৱাৰ পূৰ্বে তেওঁ দিল্লীত সেৱা আগবঢ়াইছিল। ডেৰবছৰ পূৰ্বে তেওঁক বদলি কৰা হৈছিল বিদেশী ৰাষ্ট্ৰখনলৈ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading