চীনত ক'ৰোনা মহামাৰীৰ ফলত হোৱা মৃত্যু এতিয়াও বন্ধ হোৱা নাই। যিহেতু দেশখনৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণহীন হোৱা দেখা গৈছে গতিকে চীনে শীঘ্ৰেই ইয়াৰ ৰাজধানী বেইজিঙত ফাইজাৰৰ কোভিড-১৯ ঔষধ পেক্সলোভিড বিতৰণ কৰিব। এইটোৱেই প্ৰথম বিদেশী ঔষধ হ'ব যাক চীনত ব্যাপকভাৱে বিতৰণ কৰা হ'ব। ইয়াৰ আগতে, চীনে নিজা ভেকছিন দি আহিছিল।
চিএনএনৰ এক প্ৰতিবেদন অনুসৰি, চীনে শীঘ্ৰেই ইয়াৰ চহৰবোৰত থকা স্বাস্থ্য কেন্দ্ৰসমূহৰ জৰিয়তে পেক্সলোভিড ঔষধ বিতৰণ কৰিব। এই সিদ্ধান্ত এনে এক সময়ত লোৱা হৈছে যেতিয়া চীনত ক'ৰোনা সংক্ৰমিত লোকৰ সংখ্যা আকাশচুম্বী হৈ আছে, চিকিৎসালয়সমূহত চিকিৎসাৰ বাবে ঠাই নোহোৱা হৈছে আৰু ফাৰ্মাচীৰ শ্বেল্ফবোৰ খালী হৈ পৰিছে। চাইনা নিউজ চাৰ্ভিচৰ মতে, সামূহিক চিকিৎসকসকলে প্ৰথমে ক'ৰোনা সংক্ৰমিত ৰোগীসকলক চিনাক্ত কৰিব, তেতিয়াহে তেওঁলোকক এই ঔষধ দিব আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে বিতং তথ্য প্ৰদান কৰিব। প্ৰতিবেদন অনুসৰি, ঔষধবোৰ কেতিয়া আহিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই কিন্তু অনাগত দিনবোৰত সেইবোৰ সোনকালে বিতৰণ কৰা হ'ব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, দেওবাৰে এক সংবাদ সন্মিলনত ঝেজিয়াং প্ৰদেশৰ এজন বিষয়াই অনুমান কৰিছিল যে দৈনিক কোভিডৰ ঘটনা ১০ লাখ অতিক্ৰম কৰিছে। পূৱ চহৰ কিংদাওৰ এজন স্বাস্থ্যমন্ত্ৰীয়ে শুক্ৰবাৰে কৈছিল যে প্ৰতিদিনে প্ৰায় আধা নিযুত নতুন ঘটনাৰ খবৰ পোৱা গৈছে। চহৰখনৰ স্বাস্থ্য আয়োগে শুকুৰবাৰে কেন্দ্ৰীয় গুয়াংডং প্ৰদেশৰ ৭০ লাখ লোকৰ চহৰ ডংগুয়ানত প্ৰতিদিনে ২,৫০,০০০ৰ পৰা ৩,০০,০০০ নতুন ঘটনা পোহৰলৈ অহা অনুমান কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ মতে উত্তৰ-পশ্চিম শানক্সি প্ৰদেশৰ প্ৰায় ৩.৬ নিযুত লোকৰ চহৰ য়ুলিনৰ কৰ্তৃপক্ষই শুকুৰবাৰে ১,৫৭,০০০ সংক্ৰমিত লোকক চিনাক্ত কৰিছিল। বিষয়াসকলে এইটোও অনুমান কৰিছিল যে চহৰখনৰ জনসংখ্যাৰ এক তৃতীয়াংশতকৈও অধিক ইতিমধ্যে সংক্ৰমিত হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 27, 2022, 16:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।