বলাৎকাৰীয়ে শাস্তিৰ পৰা বাচিবলৈ বিয়া পাতিব লাগিব ভুক্তভোগীক!

News18 Assam | News18-Assam
Updated:January 23, 2020, 6:18 PM IST
বলাৎকাৰীয়ে শাস্তিৰ পৰা বাচিবলৈ বিয়া পাতিব লাগিব ভুক্তভোগীক!
সমালোচকৰ মতে, এই বিধেয়কখনৰ দ্বাৰা যৌন শোষণসহ বলাৎকাৰৰ মানসিকতা বৃদ্ধি পাব। যদি কোনো ছোৱালীয়ে কাৰোবাক পছন্দ নকৰে, তেন্তে তেওঁৰ সৈতে বলাৎকাৰ হোৱাৰ সম্ভাৱনা আছে।

সমালোচকৰ মতে, এই বিধেয়কখনৰ দ্বাৰা যৌন শোষণসহ বলাৎকাৰৰ মানসিকতা বৃদ্ধি পাব। যদি কোনো ছোৱালীয়ে কাৰোবাক পছন্দ নকৰে, তেন্তে তেওঁৰ সৈতে বলাৎকাৰ হোৱাৰ সম্ভাৱনা আছে।

  • Share this:
এখন বিতৰ্কিত বিধেয়কক লৈ উত্তাল হৈ পৰিছে তুৰ্কী। দেশখনৰ চৰকাৰে এখন বিধেয়ক অনাৰ প্ৰস্তুতি চলাইছে যিখনৰ মতে যদি ১৮ বছৰতকৈ কম বয়সৰ কিশোৰীৰ সৈতে বলাৎকাৰ কৰে, সেই দোষীয়ে শাস্তিৰ পৰা বাচিবলৈ সেই ভুক্তভোগীগৰাকীক বিয়া পাতিব লাগিব। জানুৱাৰীৰ শেষভাগত এই বিধেয়কখন সংসদত উত্থাপন কৰাৰ সম্ভাৱনা আছে। নাৰী অধিকাৰ সংগঠনে এই বিধেয়খনক 'marry-your-rapist' আখ্যা দিছে।

এই বিধেয়কখনক লৈ তুৰ্কীত চলিছে সৰৱ চৰ্চা। সমালোচকৰ মতে, এই বিধেয়কখনৰ দ্বাৰা যৌন শোষণসহ বলাৎকাৰৰ মানসিকতা বৃদ্ধি পাব। যদি কোনো ছোৱালীয়ে কাৰোবাক পছন্দ নকৰে, তেন্তে তেওঁৰ সৈতে বলাৎকাৰ হোৱাৰ সম্ভাৱনা আছে।

মহিলা সংগঠনৰ মতে, চৰকাৰে বলাৎকাৰৰ বলি হোৱা ভুক্তভোগীৰ মনোভাৱ বুজাৰ পৰিৱৰ্তে এখন আজৱ আইন অনাৰ প্ৰস্তুতি চলাইছে, যাৰ দ্বাৰা অৰাজক পৰিস্থিতিৰ সৃষ্টি হ’৸ব। উল্লেখযোগ্য যে তুৰ্কীত ছোৱালীৰ বিয়াৰ নিৰ্ধাৰিত বয়স ১৮ বছৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি