বাংলাদেশতো কোৰোণা ভাইৰাছৰ আতংক, মোদীৰ ভ্ৰমণক লৈ অনিশ্চয়তা

News18 Assam | News18-Assam
Updated:March 9, 2020, 11:55 AM IST
বাংলাদেশতো কোৰোণা ভাইৰাছৰ আতংক, মোদীৰ ভ্ৰমণক লৈ অনিশ্চয়তা
বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, তিনিজন লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত।

বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, তিনিজন লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত।

  • Share this:
বাংলাদেশতো কোৰোণা ভাইৰাছৰ আতংক। শ্বেখ হাছিনা চৰকাৰে বাতিল কৰিছে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ শতবৰ্ষ উদযাপন অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মূল অনুষ্ঠান বাতিল হোৱাত এতিয়া মোদীৰ ভ্ৰমণক লৈ দেখা দিছে অনিশ্চয়তা।

মুজিববৰ্ষ উদযাপন অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনাইছিল শ্বেখ হাছিনাই। মোদীৰ সৈতে অনুষ্ঠিত হোৱাৰ কথা আছিল এখন দ্বিপাক্ষিক বৈঠকো। ইয়াৰ মাজতে দেশখনত তিনিজন লোক কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্যৰ পোৱা গৈছে। যাৰ ফলত বাতিল হ’ব পাৰে এই দ্বিপাক্ষিক বৈঠকো। বৈঠক অনুষ্ঠিত হ’বনে নাই তাক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব দেশখনৰ বৈদেশিক মন্ত্ৰণালয়ে।

বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, তিনিজন লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। ইয়াৰ ভিতৰত দুজন পুৰুষ আৰু এগৰাকী মহিলা। ইয়াৰ ভিতৰত দুজন লোক কিছুদিন পূৰ্বে উভতিছিল ইটালীৰ পৰা। তৃতীয়জন এজন আক্ৰান্তৰ আত্মীয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি