• Home
  • »
  • News
  • »
  • world
  • »
  • পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন, য’ত মাইনাছ ৫০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাতো বিদ্যালয়লৈ যায় ছাত্ৰ–ছাত্ৰী

পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন, য’ত মাইনাছ ৫০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাতো বিদ্যালয়লৈ যায় ছাত্ৰ–ছাত্ৰী

ইয়াত ডিচেম্বৰ মাহত পুৱা প্ৰায় ১০ বজাত সূৰ্যোদয় হয়।

ইয়াত ডিচেম্বৰ মাহত পুৱা প্ৰায় ১০ বজাত সূৰ্যোদয় হয়।

ইয়াত ডিচেম্বৰ মাহত পুৱা প্ৰায় ১০ বজাত সূৰ্যোদয় হয়।

  • Share this:
উত্তৰ ভাৰতৰ ৰাজ্যসমূহত ব্যাপক ৰূপত বৃদ্ধি পাবলৈ ধৰিছে শীতৰ প্ৰকোপ। জম্মু–কাশ্মীৰ, হিমাচল প্ৰদেশ, লাদাখৰ দৰে অঞ্চলসমূহত হৈছে ব্যাপক তুষাৰপাত। এই ঠাইসমূহৰ দৃশ্য বিভিন্ন মাধ্যমত দেখাৰ পিছত আপোনাৰ নিশ্চয় জানিবলৈ মন যাব যে পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ লোকসকলে বৰ্তমান কেনেদৰে দিন পাৰ কৰিছে ! জনবসতি পূৰ্ণ পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখন হৈছে উত্তৰ পূব ৰাছিয়াৰ চাইবেৰিয়াৰ অইমিয়াকন নামৰ গাঁওখন। এন্টাৰ্কটিকাৰ বাহিৰত এই ঠাইখনেই পৃথিৱীৰ সবাতোকৈ শীতলতম ঠাইৰূপে গণ্য কৰা হয়, য’ত শীতকালত গড় উষ্ণতা হৈছে মাইনাছ ৫০ ডিগ্ৰী চেলছিয়াছ । অইমিয়াকনক "দা প'ল অব ক'ল্ড" নামেৰে জনা যায়।

ৰাছিয়াৰ ছাখা ৰিপাব্লিকৰ অইমিয়াকনস্কি জিলাৰ অয়মিয়াকন  (Oymyakon) হৈছে এখন সৰু আৱাসিক গাঁও। ১৯১৮ চনৰ তথ্য অনুসৰি ৫০০–৯০০ লোকে ইয়াত বসবাস কৰে। ১৯২৪ চনৰ ৰেকৰ্ড অনুসৰি অইমিয়াকনৰ তাপমাত্ৰা মাইনাছ ৭১.২ ডিগ্ৰী চেলছিয়াছলৈকে অৱনমিত হৈছিল। এই ঠাইত বসবাস কৰা লোকসকলৰ যিকোনো মুহূৰ্ততে ফৰ্ষ্টবাইট হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ শিশুসকলক ঠাণ্ডাৰ সৈতে সহাৱস্থান কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়। মাইনাছ ৫০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ইয়াত শিশুসকলে বিদ্যালয়ত অধ্যয়ন কৰে। অৱশ্যে ইয়াতকৈ তাপমাত্ৰা কম হ’লে বিদ্যালয় বন্ধ কৰি দিয়া হয়।

ইয়াত ডিচেম্বৰ মাহত পুৱা প্ৰায় ১০ বজাত সূৰ্যোদয় হয়। অইমিয়াকনৰ লোকসকলে তেওঁলোকৰ গাড়ীবোৰৰ ষ্টাৰ্ট বন্ধ নকৰে যাতে শীতৰ প্ৰকোপত গাড়ীৰ বেটাৰীবোৰ বৰফ হৈ নাযায়। শীতকালৰ অত্যধিক ঠাণ্ডাৰ বতৰত ইয়াত কোনো খেতি কৰিব পৰা নাযায়। সেয়েহে অঞ্চলটোৰ আৱাসীসকলে খাদ্যৰ বাবে বিভিন্ন ধৰণৰ মাংস আৰু মাছ গ্ৰহণ কৰে। এই অঞ্চলটোত এখন স্কুল, এটা ডাকঘৰ, বেংক আৰু বিমান অৱতৰণৰ বাবে এটা ৰানৱে আছে। শীতকালত এই গাঁওখনৰ সকলোবোৰ বস্তুৱেই বৰফেৰে ঢাক খাই পৰে। বজাৰত বিক্ৰীৰ বাবে থোৱা সামগ্ৰীসমূহ বৰফ হৈ থাকে। আনকি ইয়াত গৰম পানী মগ এটাত লৈ ওপৰলৈ মাৰি পঠিয়ালে পানীখিনি লগে লগেই বৰফ হৈ পৰে। ইয়াত কাপোৰ ধোৱাৰ পিছত শুকুৱাবলৈ বাহিৰত মেলি দিয়াৰ পিছত পুনৰ কাপোৰৰ পৰা বৰফৰ টুকুৰাসমূহ আতৰাব লগীয়া হয়। ভাৰতৰ পৰা আঙুলিৰ মূৰত লেখিব পৰা মাত্ৰ কেইজনমান পৰ্যটকহে পৃথিৱীৰ এই আটাইতকৈ শীতল গাঁওখনৰ অভিজ্ঞতা ল’বলৈ গৈছে। এক দূঃসাহসিক যাত্ৰা হ’লেও একাংশ পৰ্যটক পৃথিৱীৰ এই বৰফাবৃত্ত অঞ্চলটোলৈও যায়। ইয়ালৈ যোৱা পৰ্যটকসকলক স্থানীয় প্ৰশাসনে এখন মানপত্ৰ প্ৰদান কৰে।
Published by:Sanjay Kumar Das
First published: