ক্ৰিষ্টিয়ানো ৰোণাল্ডো খেলপথাৰত যিদৰে দুৰ্দান্ত আক্ৰমণাত্মক খেলপথাৰৰ বাহিৰতো সমানেই আক্ৰমণাত্মক। ৩৫ বছৰীয়া ৰোণাল্ডোৱে ইউৰো কাপৰ প্ৰথম খেলতেই নিজে দুটা গ'ল কৰি পৰ্তুগালক হাংগেৰীৰ বিৰুদ্ধে ৩-০ ব্যৱধানত বিজয়ৰ সোৱাদ দিছিল।
কিন্তু এই বিজয়তকৈও এইবাৰ ৰোণাল্ডোৰ চৰ্চা হৈছে আন এটা কথাত। ৰোণাল্ডোৰ এটা কথাত শীতল পানীয় প্ৰস্তুত কৰা কোকা-কোলা কোম্পানীয়ে লোকচান ভৰিলে ২৯৩০০ টকাৰ।
আচলতে খেলৰ আগমুহূৰ্তত আয়োজন কৰা সংবাদমেলত টেবুলত থোৱা আছিল দুটা কোকা-কোলাৰ বটল। ৰোণাল্ডো আহি চকীত বহাৰ লগে লগেই তেওঁৰ চকু পৰে কোকা-কোলাৰ বটলকেইটাত। লগে লগে কোকা-কোলাৰ দুয়োটা বটল লৈ আঁতৰাই থলে ৰোণাল্ডোৱে। ইমানেই নহয় টেবুলত কিছু আঁতৰত থকা পানীৰ বটল এটা লৈ "পানী খাব লাগে" বুলি কৈ বটলটো খুলি পানী খায় তাৰকা ফুটবলাৰ জনে।
ৰোণাল্ডোৰ এই কাণ্ড গোটেই বিশ্বতে নিমিষতে ভাইৰেল হৈ পৰে। তাৰ পাছতে এদিনতে কোকা-কোলা কোম্পানীৰ বিক্ৰী হ্ৰাস হৈ ২৯৩০০ কোটি টকাৰ লোকচান হয়। কোকা-কোলাৰ শ্বেয়াৰ ১.৬ শতাংশ কমি কোম্পানীৰ বজাৰ মূলধন ২৪২ বিলিয়ন ডলাৰৰ পৰা ২৩৮ বিলিয়ন ডলাৰলৈ হ্ৰাস পায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|