আফগানিস্তানত তালিবান শাসন (Taliban Rule) আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও ইয়াৰ শৈলী সলনি কৰিব লগা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিডিয়া হাউছ চিএনএন (CNN)ৰ এগৰাকী মহিলা সাংবাদিকে বোৰ্খা পৰিধান কৰা ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।
চিএনএনৰ চীফ ইণ্টাৰনেচনেল ৰিপ'ৰ্টাৰ ক্লেৰিছা ৱাৰ্ডে (Clarissa Ward) মঙলবাৰে বোৰ্খা পিন্ধাৰ খবৰ দি কয় যে এফালে তালিবানে 'আমেৰিকা শেষ হওক' বুলি উচ্চাৰণ কৰিছে আৰু আনহাতে তেওঁলোকৰ মনোভাৱ অতি বন্ধুত্বপূৰ্ণ যেন লাগিছে।
সাংবাদিক ক্লেৰিছাৰ বোৰ্খা পিন্ধা ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত জানিব পৰা গৈছে যে তেওঁ আগতে বোৰ্খা পৰিধান কৰা নাছিল আৰু এতিয়া তালিবানে দেশখন দখলৰ পিছত তেওঁৰ পোছাক সলনি হৈছে। ক্লেৰিছাৰ প্ৰতিবেদনৰ ভিডিঅ'টোত তেওঁক মূৰৰ পৰা ভৰিলৈকে বোৰ্খাৰ সাজত দেখা গৈছে।
তালিবানসকলক তেওঁৰ পিছফালে দেখা গৈছে। ১৫ আগষ্টত এক প্ৰতিবেদনত তেওঁক কুৰ্তা আৰু দুপাট্টাত দেখা গৈছিল, কিন্তু ১৬ আগষ্টত তেওঁ প্ৰতিবেদন দিয়া সময়ত বোৰ্খা পিন্ধি আছিল। ক্লেৰিছাই লগতে প্ৰকাশ কৰা মতে, আফগানিস্তান (Afghanistan)ত তালিবান শাসনৰ পিছৰে পৰা মহিলাসকলক অধিক পৰম্পৰাগত পোছাকত দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|