অন্ধত্বকে নহয় তেওঁ জয় কৰিলে মাউণ্ট এভাৰেষ্ট। আৰু এই জয়েৰে এছিয়াৰ প্ৰথমজন মাউণ্ট এভাৰেষ্ট জয়ী অন্ধ ব্যক্তি হৈ উঠিল তেওঁ। এই লোকগৰাকী হৈছে ৪৬ বছৰীয়া চীনা নাগৰিক ঝাং হং। ঝাং হঙে নেপালৰ পৰা মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল। ২৪ মে'ত ঝাঙে ৮,৮৪৯ মিটাৰ ওখ এভাৰেষ্টত থিয় হৈছিল আৰু ২৭ মে' বৃহস্পতিবাৰে বেচকেম্পলৈ উভতি আহিছিল।
সংবাদ সংস্থা ৰয়টাৰৰ মতে, ঝাং হং এভাৰেষ্ট জয় কৰা পৃথিৱীৰ তৃতীয়গৰাকী অন্ধ ব্যক্তি। ঝাঙৰ জন্ম চীনৰ দক্ষিণ-পশ্চিমৰ চাংকুয়াঙত হৈছিল। তেওঁ ২১ বছৰ বয়সত গ্লুকোমাৰ বাবে অন্ধ হৈছিল। ২০০১ চনত এৰিক ৱেহেনমায়েৰ নামৰ এজন অন্ধ আমেৰিকানে এভাৰেষ্ট জয় কৰা ঘটনাই ঝাংকক অনুপ্ৰাণিত কৰে আৰু তেৱোঁ এই পথত অগ্ৰসৰ হয়।
মাউণ্ট এভাৰেষ্ট জয়ৰ অভিজ্ঞতা সন্দৰ্ভত ঝাঙে কয়– 'আপুনি পংগু নে স্বাভাৱিক, সেয়া কোনো বিষয় নহয়। আপুনি যদি দৃষ্টিশক্তি হেৰুৱাইছে বা আপোনাৰ হাত–ভৰি নাই, সেয়াও কোনো বিষয় নহয়। দৰাচলতে আপোনাৰ মনোবল শক্তিশালী হ'ব লাগে, যদি মনোবল শক্তিশালী হয়, তেন্তে আপুনি আনে নোৱৰা কামটো কৰিব পাৰে।' এভাৰেষ্ট আৰোহণৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ পুনৰ কয় যে পৰ্বত আৰোহণ কৰি থাকোঁতে তেওঁ মাজে মাজে খুব ভয় খাইছিল, কিয়নো দৃষ্টিহীন বাবে তেওঁ মাজে মাজে পৰি গৈছিল। অৱশেষত সকলো প্ৰতিকূলতাক তেওঁ জয় কৰিবলৈ সক্ষম হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|