
উত্তৰ–পূৰ্বাঞ্চলৰ শেহতীয়া পৰিস্থিতি দেখি অসন্তুষ্ট আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইনৰ চৰকাৰ
উত্তৰ–পূৰ্বাঞ্চলৰ শেহতীয়া পৰিস্থিতি দেখি অসন্তুষ্ট আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইনৰ চৰকাৰ
অসম তথা উত্তৰ–পূৰ্বাঞ্চলত এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে উত্তাল প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে বলৱৎ কৰা হৈছে সান্ধ্য আইন। প্ৰায় এসপ্তাহ ধৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আমেৰিকা আৰু ব্ৰিটেইন চৰকাৰে জাৰি কৰিছে বিশেষ জাননী। আমেৰিকাৰ বিদেশ বিভাগে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধক সন্মান জনাই ধৰ্মীয় সংখ্যালঘূ সকলৰ সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছে ।
ইয়াৰ লগতে ফ্ৰান্স, ব্ৰিটেইন চৰকাৰে দেশৰ লোকসকলক পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত অসম ভ্ৰমণ নকৰিবলৈ জাননী জাৰি কৰিছে। ব্ৰিটেইনে দেশৰ নাগৰিকসকলক কৈছে যে, যদি পৰিস্থিতিয়ে বাধ্য নকৰে তেন্তে অসম ভ্ৰমণৰ পৰা বিৰত থাকক। আৰু যদি যাবলগীয়াও হয়, তেন্তে অত্যন্ত সাৱধানতা অৱলম্বন কৰক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|