ধঁপাতৰ পৰা প্ৰস্তুত কৰা হৈছে কোৰোণা ভাইৰাছৰ ভেকচিন! চিগাৰেট বনোৱা প্ৰতিষ্ঠানে কৰিলে দাবী

News18 Assam | News18-Assam
Updated:May 21, 2020, 4:15 PM IST
ধঁপাতৰ পৰা প্ৰস্তুত কৰা হৈছে কোৰোণা ভাইৰাছৰ ভেকচিন! চিগাৰেট বনোৱা প্ৰতিষ্ঠানে কৰিলে দাবী
‘ব্ৰিটিছ-আমেৰিকা’ প্ৰতিষ্ঠানে ধঁপাতৰ পৰা কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি কৰিছে দাবী।

‘ব্ৰিটিছ-আমেৰিকা’ প্ৰতিষ্ঠানে ধঁপাতৰ পৰা কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি কৰিছে দাবী।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনেই বৃদ্ধি পাইছে। ভাৰতবৰ্ষত ইতিমধ্যে লাখৰ ঘৰ অতিক্ৰম কৰিলে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যাই। বিশ্বৰ বিভিন্ন প্ৰান্তত চলি আছে কোৰোণাৰ প্ৰতিষেধক আৱিষ্কাৰৰ বাবে গৱেষণা। চিকিত্‍সা বিজ্ঞানীসকলে দিন ৰাতি একাকাৰ কৰি কোৰোণাৰ ভেকচিন প্ৰস্তুতৰ বাবে চেষ্টা কৰি আছে। তাৰ মাজতে ‘ব্ৰিটিছ-আমেৰিকা’ প্ৰতিষ্ঠানে ধঁপাতৰ পৰা কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি কৰিছে দাবী।

বিশ্বৰ দ্বিতীয় সৰ্ববৃহত্‍ চিগাৰেট বনোৱা প্ৰতিষ্ঠান ‘British American Tobacco’ এ দাবী কৰিছে যে, তেওঁলোকে ইতিমধ্যে ধঁপাতৰ পৰা প্ৰস্তুত কৰি উলিয়াইছে কোৰোণাৰ ভেকচিন। প্ৰতিষ্ঠানটোৱে কয় যে, ভেকচিন নিৰ্মাণৰ বাবে ধপাত গছৰ পুলি ব্যৱহাৰ কৰা হৈছে। লগতে কিছু কৃত্ৰিম ভাবেও প্ৰস্তুত কৰি তুলা হৈছে।

প্ৰতিষ্ঠানযোৰ মতে, এই প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে সুৰক্ষিত। আনকি এই ভেকচিন অত্যাধিক কম তাপমানত ষ্টোৰ কৰাৰো প্ৰয়োজন নাই। ইয়াৰ চিংগল ডোজে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়াই বুলি দাবী কৰিছে প্ৰতিষ্ঠানটোৱে।

প্ৰতিষ্ঠানটোৱে লগতে কয় যে, তেওঁলোকে এই ভেকচিন নিৰ্মাণৰ কাম এপ্ৰিল মাহৰ পৰাই আৰম্ভ কৰিছিল। ইতিমধ্যে ইয়াৰ পৰীক্ষণৰ বাবে ‘ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন’ৰ পৰা অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading