অভিলেখ! ৩২৮ দিন মহাকাশত কটোৱাৰ পিছত পৃথিৱীত ভৰি দিলে ক্ৰিষ্টিনা কোছে

News18 Assam | News18-Assam
Updated:February 7, 2020, 4:35 PM IST
অভিলেখ! ৩২৮ দিন মহাকাশত কটোৱাৰ পিছত পৃথিৱীত ভৰি দিলে ক্ৰিষ্টিনা কোছে
৪১ বছৰীয়া মাৰ্কিন মহাকাশচাৰী ক্ৰিষ্টিনা কোছে গঢ়িছে এক নতুন অভিলেখ

৪১ বছৰীয়া মাৰ্কিন মহাকাশচাৰী ক্ৰিষ্টিনা কোছে গঢ়িছে এক নতুন অভিলেখ

  • Share this:
৪১ বছৰীয়া মাৰ্কিন মহাকাশচাৰী ক্ৰিষ্টিনা কোছে গঢ়িছে এক নতুন অভিলেখ। মহাকাশত সৰ্বাধিক সময় কটোৱা মহিলা মহাকাশচাৰীৰ অভিলেখ গঢ়িলে ক্ৰিষ্টিনা কোছে। ৩২৮ দিন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত কটোৱাৰ পিছত বৃহস্পতিবাৰে কাজাখাস্তানত অৱতৰণ কৰে ক্ৰিষ্টিনা কোছে।

ইয়াৰ পূৰ্বে মহাকাশত আটাইতকৈ বেছি সময় থকাৰ অভিলেখ আছিল পেগ হুইটছনৰ। কিন্তু সতীৰ্থ হুইটছনৰ এই অভিলেখ ভংগ কৰিলে ক্ৰিষ্টিনা কোছে। তেওঁ ইটালীৰ মহাকাশচাৰী লুকা পৰমিটানো আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ স্কোৱৰ্টছভৰ সৈতে পৃথিৱীলৈ ঘূৰি আহিছে। মহাকাশত ক্ৰিষ্টিনা কোছে অভিলেখ সৃষ্টি কৰাত টুইটাৰযোগে অভিনন্দন জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। টুইটাৰত ট্ৰাম্পে কয় যে ক্ৰিষ্টিনাৰ এই অভিলেখে মহিলাসকলক যথেষ্ট অনুপ্ৰেৰণা যোগাইছে, ক্ৰিষ্টিনা আমেৰিকাৰ গৌৰৱ বুলিও কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

আৰু চাওক
পৰৱৰ্তী বাতৰি