পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা অঞ্চলত চীনা অভিযন্তাৰে ভৰ্তি এখন বাছ বিস্ফোৰিত হৈ ৯গৰাকী চীনা অভিযন্তা নিহত হোৱাৰ পিছত দেখা গৈছে এক আজব দৃশ্য, যি দৃশ্য সাধাৰণতে দেখা যায় যুদ্ধক্ষেত্ৰত।
বাছ বিস্ফোৰণটোক লৈ চীনে মত দিছিল যে এয়া বোমা বিস্ফোৰণ আৰু পাকিস্তানৰ মতে এই বিস্ফোৰণ আছিল গেছ লিকৰ ফল। কিন্তু এতিয়া এয়া স্পষ্ট হৈ পৰিছে যে পাকিস্তান আৰু চীনে ইজনে সিজনক একেবাৰে বিশ্বাস নকৰে। সেয়ে পাকিস্তানত কোনো প্ৰকল্পত কাম কৰা চীনা কৰ্মচাৰীসকলক লগত একে-৪৭ ৰাইফল কঢ়িয়াই নিয়া দেখা গৈছে।
এতিয়া এনে কৰ্মক্ষেত্ৰত চীনা অভিযন্তাই কান্ধে কান্ধে একে ছিৰিজৰ বন্দুক লৈ নিৰ্মাণ প্ৰকল্পৰ কাম আগবঢ়াই নিবলগীয়া হৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, ১৪ জুলাইত সংঘটিত এই ঘটনাৰ তদন্ত প্ৰসংগতো পাকিস্তানক বিশ্বাস কৰিব পৰা নাই চীনে। সেয়ে চীনা চৰকাৰে ইয়াৰ বিশেষজ্ঞৰ এটা দল অনুসন্ধানৰ বাবে পঠিয়াইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|