এগৰাকী মহিলাৰ ক্ৰেডিট কাৰ্ডৰ বিল হয়গৈ প্ৰায় ৬ লাখ ৫৬ হাজাৰ টকা। ধাৰ পৰিশোধৰ সমৰ্থ নাছিল মহিলাগৰাকীৰ! কি কৰিব ভাবি উপায়ন্ত হৈ ধাৰ পৰিশোধ কৰিবলৈ বিক্ৰী কৰি দিলে নিজৰ দুই যমজ সন্তানক। পিছত এনেদৰে নিজৰ সন্তান বিক্ৰী কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক।
চীনৰ ঝেজিয়াং প্ৰান্তত সংঘটিত হৈছিল এই ঘটনা। ক্ৰেডিট কাৰ্ডৰ ধাৰ পৰিশোধ কৰিব নোৱাৰি উপায়ন্ত হৈ নিজ সন্তানক বিক্ৰী কৰা ঘটনাই এতিয়া দেশখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ যোগ্য যে মহিলাগাৰাকীয়ে মাত্ৰ দুসপ্তাহৰ আগত সন্ম দিছিল দুই যমজ সন্তানক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 10, 2019, 21:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।