মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »আজি ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিং, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বহিব দ্বিপাক্ষিক বৈঠকত

আজি ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিং, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বহিব দ্বিপাক্ষিক বৈঠকত

আজি আৰু কাইলৈ দুদিন ধৰি দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত হ’ব বৈঠক।

আজি আৰু কাইলৈ দুদিন ধৰি দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত হ’ব বৈঠক।

আজি আৰু কাইলৈ দুদিন ধৰি দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত হ’ব বৈঠক।

  • Share this:
    আজি ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিং। তামিলনাডুৰ মামল্লাপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত বহিব শ্বী জিনপিং। আজি আৰু কাইলৈ দুদিন ধৰি দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত হ’ব বৈঠক। দুপৰীয়াৰ ভাগত চেন্নাইত উপস্থিত হ’ব জিনপিং। তাৰ পিছতে মামল্লাপুৰম পৰ্যটন কেন্দ্ৰত মোদীৰ সৈতে দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতিগৰাকী।

    আজি সন্ধিয়াৰ ভাগলৈ মোদী আৰু শ্বী জিনপিঙৰ মাজত কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত–চীনৰ সম্বন্ধ আগবঢ়াই নিয়াৰ ওপৰত আলোচনা কৰিব। ভাৰতত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ অভিযানক বেইজিঙৰ সমৰ্থনক লৈ সৃষ্টি হৈছিল বিপৰীত পৰিস্থিতিৰ।

    এই বৈঠকক লৈ ভাৰতস্থিত চীনৰ ৰাষ্ট্ৰদূত স্বান ৱেইটোঙে কয় যে মোদী–জিনপিঙৰ মাজৰ অনানুষ্ঠানিক বৈঠকৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ ক্ষেত্ৰত নিৰ্ণায়ক সিদ্ধান্তৰ লগতে কেইবাটাও বিষয়ত সহমতত উপনীত হোৱাৰ সম্ভাৱনা আছে।

    ৱেইটোঙে কয় যে এই বৈঠকে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব আৰু বিশ্ব শান্তি আৰু স্থিৰতাৰ ওপৰত সাকাৰাত্মক প্ৰভাৱ পৰিব।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি