উত্তৰ-পূৱৰ গাতে লাগি থকা শ্ৰীহট্টত চীনা কোম্পানীয়ে নিৰ্মাণ কৰিব বিমান বন্দৰ, ভাৰতীয় প্ৰতিষ্ঠানক দিয়া নহ’ল এই কাম 

News18 Assam | News18-Assam
Updated:August 1, 2020, 3:35 PM IST
উত্তৰ-পূৱৰ গাতে লাগি থকা শ্ৰীহট্টত চীনা কোম্পানীয়ে নিৰ্মাণ কৰিব বিমান বন্দৰ, ভাৰতীয় প্ৰতিষ্ঠানক দিয়া নহ’ল এই কাম 
উত্তৰ-পূৱৰ গাতে লাগি থকা বাংলাদেশৰ শ্রীহট্ট জিলাত অৱস্থিত ‘এম এজি উচমানি’ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নতুন টাৰ্মিনেলটো নিৰ্মাণ কৰাৰ ঠিকা চীনা প্ৰতিষ্ঠানক প্ৰদান কৰিছে চুবুৰীয়া দেশ খনে।

উত্তৰ-পূৱৰ গাতে লাগি থকা বাংলাদেশৰ শ্রীহট্ট জিলাত অৱস্থিত ‘এম এজি উচমানি’ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নতুন টাৰ্মিনেলটো নিৰ্মাণ কৰাৰ ঠিকা চীনা প্ৰতিষ্ঠানক প্ৰদান কৰিছে চুবুৰীয়া দেশ খনে।

  • Share this:
উত্তৰ-পূৱৰ গাতে লাগি থকা বাংলাদেশৰ শ্রীহট্ট জিলাত অৱস্থিত ‘এম এজি উচমানি’ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নতুন টাৰ্মিনেলটো নিৰ্মাণ কৰাৰ ঠিকা চীনা প্ৰতিষ্ঠানক প্ৰদান কৰিছে চুবুৰীয়া দেশ খনে। দেশখনৰ বিদেশ মন্ত্ৰী এ কে আব্দুল মমেনে ইংৰাজী দৈনিক ‘ঢাকা ট্ৰিবিউন’ক জনোৱা মতে – ‘Beijing Urban Construction Group’ক এই কাম দিয়া হৈছে কাৰণ প্ৰতিষ্ঠানটোৱে কাৰিকৰী পাৰদৰ্শিতা প্ৰমাণ কৰিছে আৰু নিবিদাত সৰ্বনিম্ন ডাক প্ৰদান কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় প্ৰতিষ্ঠান ‘Larsen and Tourbo’য়েও নিবিদাত অংশগ্ৰহণ কৰিছিল ।

উত্তৰ পূৱৰ একেবাৰে কাষতে চীনা কৰ্মচাৰী আৰু শ্ৰমিক বিমানবন্দৰ নিৰ্মাণৰ কাৰণে একত্ৰিত হ’লে ই ভাৰতৰ নিৰাপত্তাজনীত উদ্বিগ্নতা বৃদ্ধি কৰিব বুলি ক’ব খোজে ভাৰতীয় নিৰাপত্তা বিশেষজ্ঞই ।

ভাৰত আৰু চীনৰ মাজত সংঘাতৰ সময়ত ভাৰতৰ বন্ধু ৰাষ্ট্ৰ বাংলাদেশে চীনা প্ৰতিষ্ঠানক কাম দিয়াৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বাংলাদেশৰ বিদেশ মন্ত্ৰী গৰাকীয়ে কয় – ‘ভাৰতে সংঘাতৰ বিষয়ে কোনো ধৰণৰ কূটনৈতিক টোকা ঢাকাক প্ৰদান কৰা নাই। আৰু সেই কাৰণেই বাংলাদেশে কোনো আনুষ্ঠানিক মন্তব্য প্রদান কৰা নাই।’’
Published by: Himangshu Bhuyan
First published: August 1, 2020, 3:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading