Bubonic Plague: এন্দুৰ জাতীয় জন্তুৰ কেঁচা মাংস ভক্ষণ! এইবাৰ চীনত বিউবনিক প্লেগৰ সকীয়নি

News18 Assam | News18-Assam
Updated:July 7, 2020, 10:33 AM IST
Bubonic Plague: এন্দুৰ জাতীয় জন্তুৰ কেঁচা মাংস ভক্ষণ! এইবাৰ চীনত বিউবনিক প্লেগৰ সকীয়নি
বায়ান্নুৰ চহৰত ‘ক’লা মৃত্যু’ ৰূপী এই প্লেগৰ কাৰণে তিনি তৰপীয়া এলাৰ্ট জাৰি কৰা হৈছে। 

বায়ান্নুৰ চহৰত ‘ক’লা মৃত্যু’ ৰূপী এই প্লেগৰ কাৰণে তিনি তৰপীয়া এলাৰ্ট জাৰি কৰা হৈছে। 

  • Share this:
উত্তৰ চীনৰ বায়ান্নুৰ চহৰত বিউবনিক প্লেগৰ সংক্ৰমণক লৈ হাহাকাৰ সৃষ্টি হৈছে। সংক্ৰমিত ব্যক্তিৰ তথ্য পোৱাৰ পিছতে প্ৰশাসনে সকীয়নি জাৰি কৰিছে।  বায়ান্নুৰ চহৰত বিউবনিক প্লেগৰ সংক্ৰমণৰ দুটা বিষয় পোহৰলৈ আহিছে।

চীনৰ চৰকাৰী বাতৰি কাকত পিপলছ ডেলী অনলাইনৰ ৰিপ’ৰ্ট অনুসৰি সকীয়নিৰ এই স্তৰ ২০২০ৰ শেষলৈকে থাকিব পাৰে। প্লেগৰ দ্বাৰা সংক্ৰমিত ব্যক্তিক বেলেগকৈ ৰখা হৈছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি প্ৰকাশ।

মধ্যযুগত ব্লেক ডেথ হিচাপে পৰিচিত বিউবনিক প্লেগ এটা অতি সংক্ৰামক আৰু ঘাতক ৰোগ যি বেছিভাগ এন্দুৰজাতীয় জন্তু বা ৰডেণ্টছৰ (Rodents) জৰিয়তে বিয়পে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে এই অসুখ বেক্টেৰিয়া য়ৰ্চিনিয়া পেচ্টিছৰ দ্বাৰা বিয়পে। সাধাৰণতে সৰু স্তন্যপায়ী আৰু তেওঁলোকৰ দেহত পোৱা এক জেনেটিক বীজাণুৰ দ্বাৰা সংক্ৰমিত হোৱা এই ৰোগৰ লক্ষণ এদিনৰ পৰা সাতদিনৰ ভিতৰত বিয়পে। সাধাৰণতে এই ৰোগ নিগনী, শহাপহু আৰু কেৰ্কেটুৱাৰ দৰে সংক্ৰমিত জীৱৰ ওপৰত খাদ্যৰ কাৰণে নিৰ্ভৰশীল মাখিজাতীয় প্ৰাণীয়ে কামুৰিলে বিয়পে।

চীনত প্লেগৰ এই ঘটনা অসাধাৰণ নহয়। কিন্তু লাহে লাহে এই প্ৰকোপ বাঢ়িবলৈ ধৰিছে। ২০০৯ৰ পৰা ২০১৮লৈকে চীনত ২৬টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। এই সময়চোৱাত ইয়াত ১১জন লোকৰ মৃত্যু হৈছে।

প্লেগ সাধাৰণতে দুইপ্ৰকাৰৰ–বিউবনিক আৰু নিউমনিক (যেতিয়া প্লেগ হাওঁফাওঁত বিয়পি পৰে)। বৰ্তমান এই ৰোগ দুৰ্লভ হ’লেও ২০১০চনৰ পৰা ২০১৫চনলৈকে বিশ্বৰ বিভিন্ন প্ৰান্তত এই ৰোগৰ ৩২৪৮টা বিষয় পোহৰলৈ আহিছে, ইয়াত ৫৮৪জন লোকৰ মৃত্যু হৈছে। এতিয়া ইয়াৰ বেছিভাগ ঘটনা কংগো, মেডাগাস্কাৰ আৰু পেৰুত আছে।

এতিয়ালৈকে জানিব পৰা হোৱা নাই যে এইসকল লোক কেনেকৈ প্লেগৰ দ্বাৰা সংক্ৰমিত হ’ল। মানুহক কোনো ধৰণৰ ৰোগাক্ৰান্ত বা মৃত মাৰ্মট (marmot)-(কেৰ্কেটুৱাৰ সমান ডাঙৰ ডালশলীয়া ধৰণৰ এন্দুৰ) দেখিলে জনাবলৈ কোৱা হৈছে। চীনাসকলক জন্তুৰ চিকাৰ আৰু ভক্ষণ কৰিবলৈ মানা কৰা হৈছে।  লেভেল থ্ৰীৰ সকীয়নিৰ পিচত জন্তুৰ মাংস খোৱাত বাধা আৰোপ কৰা হৈছে। লগতে কাৰোবাৰ যদি প্লেগৰ লক্ষণ পোহৰলৈ আহে তেনেহ’লে তৎকালেই ইয়াৰ খ‍বৰ দিবলৈ কোৱা হৈছে। বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বিউবনিক প্লেগৰ সংক্ৰমণৰ সময়ে সময়ে পোহৰলৈ আহিছে। ২০১৭চনত মেডাগাস্কাৰত বিউবনিক প্লেগৰ ৩০০ৰো অধিক বিষয় পোহৰলৈ আহিছিল।

শেহতীয়াকৈ চীনত এজন ২৭বছৰীয়া ব্যক্তি আৰু তেওঁৰ ১৭বছৰীয়া ভাতৃক বিউবনিক প্লেগত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসাধীন কৰা হৈছে। তেওঁলোকে এন্দুৰ জাতীয় জন্তুৰ মাংস খোৱাৰ পিছতে এই ৰোগত আক্ৰান্ত হোৱাৰ দাবী। উল্লেখযোগ্য যে এই ৰোগ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত হোৱাটো কঠিন হ’লেও দীঘলীয়া সময় সংস্পৰ্শত থাকিলে ৰোগ সোঁচৰাৰ আশংকা বৃদ্ধি পায়। সময়ত এণ্টিবায়টিক নাপালে মানুহৰ মৃত্যু হ’ব পাৰে।

বিউবনিক প্লেগৰ লক্ষণ

যোৱা বছৰ মে’ মাহত মংগোলিয়াত বিউবনিক প্লেগৰ কাৰণে দুজন ব্যক্তিৰ মৃত্যু হৈছিল। এই মানুহকেইজনে কেঁচা মাংস খাইছিল। নিগনী আৰু কেৰ্কেটুৱাৰ জৰিয়তে এই সংক্ৰমণ মানুহৰ গালৈ বিয়পে। বিউবনিক প্লেগ হ’লে মানুহৰ হঠাৎ জ্বৰ হ’ব, ঠাণ্ডা লাগিব আৰু শৰীৰ দুৰ্বল হৈ পৰিব। শৰীৰৰ এটা বা দুটা ঠাই ফুলিব পাৰে। lymph nodesত বিষ হয়।
Published by: Tulika Devi
First published: July 7, 2020, 10:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading