প্ৰস্ৰাৱ কিদৰে হয়, জানিবলৈ কৌতুহল, যৌনাংগত ২ ফুট দীঘল তাঁৰ ভৰাই দিলে কিশোৰে! তাৰপিছত?

News18 Assam | News18-Assam
Updated:November 4, 2020, 5:48 PM IST
প্ৰস্ৰাৱ কিদৰে হয়, জানিবলৈ কৌতুহল, যৌনাংগত ২ ফুট দীঘল তাঁৰ ভৰাই দিলে কিশোৰে! তাৰপিছত?
জানিব পৰা গৈছে যে, ১৩ বছৰীয়া জিয়াও হি’ৰ মনত প্ৰস্ৰাৱ কোন পথে নিৰ্গত হয়, সেই কথা জানিবলৈ প্ৰৱল ইচ্ছা জাগি উঠিছিল।

জানিব পৰা গৈছে যে, ১৩ বছৰীয়া জিয়াও হি’ৰ মনত প্ৰস্ৰাৱ কোন পথে নিৰ্গত হয়, সেই কথা জানিবলৈ প্ৰৱল ইচ্ছা জাগি উঠিছিল।

  • Share this:
মানুহৰ কৌতুহলৰ সীমা নাই! সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মানৱ সভ্যতাৰ বিকাশ হৈছে যদিও, কিছুমান কাম-কাজে মানৱ জাতিক বিভিন্ন সময়ত লজ্জানত কৰি আহিছে। কিদৰে যৌনাংগত ভৰাই দিব পাৰে ২ ফুট দীঘল তাঁৰ? এয়া কিদৰে সম্ভৱ?

চীনৰ এজন কিশোৰ অসুস্থ হৈ চিকিত্‍সালয়ত ভৰ্তি হয়। পিছত যেতিয়া কিশোৰৰ অসুস্থতাৰ কাৰণ জানিবলৈ বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰা হয়, লগে লগে হতবাক হৈ পৰে চিকিত্‍সক।সপোনতো ভবা নাছিল যে, ইমান দীঘল তাঁৰ নিজৰ মূত্ৰনলীৰে ভৰাই দিবলৈ সাহস কৰিব কিশোৰজনে? সবিস্তাৰে সংবাদ মাধ্যমক জনাই চিকিত্‍সক Cai Chongyueয়ে!



ঘটনাটো সংঘটিত হৈছে চীনৰ ডংগুয়ান প্ৰদেশত। সেই অঞ্চলৰ শংশান লেক হাস্পতাললৈ এজন কিশোৰক লৈ আহিছিল তেওঁৰ পিতৃ-মাতৃয়ে।

কৈছিল যে, ১৩ বছৰীয়া কিশোৰজনৰ জানিবলৈ ইচ্ছা যে, শৰীৰৰ কোন দিশৰ পৰা প্ৰস্ৰাৱ নিৰ্গত হয়? বৰ্তমান আধুনীক সময়ত ল’ৰা-ছোৱালীয়ে কোনো নজনা কথা জানিবলৈ ইণ্টাৰনেটৰ সহায় লয়। কিন্তু এই কিশোৰজনে লোৱা নাছিল কোনোধৰণৰ ইণ্টাৰনেটৰ সহায়। সেই কামটো কিশোৰজনে হাতে-কামে পৰীক্ষা কৰিবলৈ বিচাৰিছিল। ফলত এডাল তাঁৰ লাহে লাহে নিজৰ যৌনাংগৰে ভৰাই দিবলৈ চেষ্টা কৰে।

আৰু এনেদৰে ভৰাই দিয়াৰ পিছতে তাঁৰডাল মূত্ৰনলীত আবদ্ধ হৈ পৰে। আৰু কিশোৰজনে প্ৰচণ্ড বিষ অনুভৱ কৰে। কিন্তু লজ্জা অনুভৱ কৰি এই কথা কাকো নক’লে কিশোৰজনে।

পিছত প্ৰস্ৰাৱনলীৰে তেজ নিৰ্গত হোৱাত গুৰুতৰ ভাবে অসুস্থ হৈ পৰে কিশোৰ জন। লগে লগে পিতৃ-মাতৃয়ে কিশোৰজনক চিকিত্‍সাললৈ লৈ যায়। আৰু তাৰ পিছতে চিকিত্‍সকে অস্ত্ৰোপচাৰ কৰি ইউৰিনেৰী ব্লাডাৰৰ পৰা তাঁৰডাল উলিয়াই দিয়ে। বৰ্তমান কিশোৰজন সুস্থ বুলি জনাইছে চিকিত্‍সকে।
Published by: Himangshu Bhuyan
First published: November 4, 2020, 5:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading