চীনা ৰাষ্ট্ৰপতিক সমালোচনা কৰাই হ’ল কাল! দুমাহৰ পৰা শুংসূত্ৰ নাই আলিবাবাৰ মালিক জেক মাৰ

জেক মা এইধৰণে সন্ধানহীন হোৱাৰ আঁৰত বিভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
জেক মা এইধৰণে সন্ধানহীন হোৱাৰ আঁৰত বিভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
- News18 Assam
- Last Updated: January 4, 2021, 5:35 PM IST
জেক মা চীনত প্ৰায়ে ৰাজহুৱা কাৰ্যসূচীত বক্তা হিচাপে উপস্থিত থাকে। নিজৰ প্ৰেৰণাদায়ক ভাষণৰ কাৰণে তেওঁ যুৱপ্ৰজন্মৰ মাজতো জনপ্ৰিয়। বিগত বছৰ অক্টোবৰত চাংঘাইৰ এক কাৰ্যসূচীত চীনৰ সুতখোৰ বিত্তীয় নিয়ামক তথা চৰকাৰী বেংকৰ তীক্ষ্ণ সমালোচনা কৰিছিল তেওঁ। জেক মাই চৰকাৰক আহ্বান জনাইছিল ব্যৱস্থা সলনি কৰিবলৈ যাতে ব্যৱসায়ত নতুন কাৰ্যপন্থা হাতত লোৱাৰ ক্ষেত্ৰত চাপ পোৱা নাযায়। তেওঁ আন্তঃৰাষ্ট্ৰীয় বেংকিং নিয়মক ‘বৃদ্ধসকলৰ ক্লাৱ’ আখ্যা দিছিল।
ইয়াৰ পিছতে জেক মাৰ বিৰুদ্ধে গৰজি উঠে চীনৰ শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টী। জেক মাৰ সমালোচনাক কমিউনিষ্ট পাৰ্টীয়ে নিজৰ ওপৰত কৰা আক্ৰমণ হিচাপে গ্ৰহণ কৰে। ইয়াৰ পিছতে জেক মাৰ বেয়া দিন আৰম্ভ হয়। তেওঁৰ ব্যৱসায়ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ তদন্ত আৰম্ভ কৰা হয়। ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ ইংগিতত চীনৰ বিষয়াসকলে জেক মাক আঘাত দি যোৱা বছৰ নৱেম্বৰ মাহত তেওঁৰ এণ্ট গ্ৰুপৰ ৩৭ আৰৱ ডলাৰৰ আইপিঅ’ৰ নিলম্বন কৰে।