১০ ছেকেণ্ডত কৃত্ৰিম সূৰ্যৰ তাপমান ১৬ কোটি ডিগ্ৰী ছেলচিয়াছৰ ওচৰ হ’ব।
১০ ছেকেণ্ডত কৃত্ৰিম সূৰ্যৰ তাপমান ১৬ কোটি ডিগ্ৰী ছেলচিয়াছৰ ওচৰ হ’ব।
চীনৰ বিজ্ঞানীয়ে শেহতীয়াকৈ কৃত্ৰিম সূৰ্য (Artificial Sun) বনোৱাৰ দাবী কৰিছে। ডেইলী মেইলৰ ৰিপ’ৰ্ট অনুসৰি, চীনৰ দ্বাৰা তৈয়াৰ কৰা সূৰ্য আচল সূৰ্যৰ তুলনাত ১০ গুণ শক্তিশালী। ১০ ছেকেণ্ডত কৃত্ৰিম সূৰ্যৰ তাপমান ১৬ কোটি ডিগ্ৰী ছেলচিয়াছৰ ওচৰ হ’ব। ইয়াৰ অৰ্থ এয়াই যে প্ৰাকৃতিক সূৰ্যৰ তুলনাত ১০ গুণ অধিক গৰম।
ছেনঝেনস্থিত Southern University of Science and Technologyৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ডিৰেক্টৰ লী মিয়াও–এ কয় যে আগন্তুক কিছু সপ্তাহলৈ স্থিৰ তাপমানত আমি নিজৰ প্ৰজেক্ট চলাব লাগিব। ১০০ ছেকেণ্ডলৈ ১৬ কোটি ডিগ্ৰী তাপমান বৰ্তাই ৰখাটো আমাৰ এক সফলতা আৰু ইয়াক স্থিৰ কৰি ৰখাবি লাগিব। চীনৰ অনহুই ৰাজ্যত এক ৰিয়েক্টৰত এই কৃত্ৰিম সূৰ্য তৈয়াৰ কৰা হৈছে। ইয়াত নিউক্লিয়াৰ ফিউজনৰ সহায় লোৱা হৈছে। সাধাৰণতে এই প্ৰযুক্তিৰে হাইড্ৰ’জেন বোমা বনোৱা হয়। ইয়াত গৰম প্লাজমাক ফিউজ কৰাৰ ষ্ট্ৰং মেগনেটিক ফিল্ড নিৰ্মাণ কৰা হয়। ইয়াত অত্যধিক গৰম উৎপন্ন হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|