உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • কি এই নতুন অভিসন্ধি? অৰুণাচল সীমান্তলৈকে চলিল চীনৰ প্ৰথমখন হাইস্পীড বুলেট ট্ৰেইন!

    কি এই নতুন অভিসন্ধি? অৰুণাচল সীমান্তলৈকে চলিল চীনৰ প্ৰথমখন হাইস্পীড বুলেট ট্ৰেইন!

    ১ জুলাইত চীনৰ শাসনাধিষ্ঠ দল কমিউনিষ্ট পাৰ্টী (CPC)ৰ শতবৰ্ষীয় অনুষ্ঠান উদযাপনৰ পূৰ্বে চিছুৱান-তিব্বত ৰে'লৱেই  লাছা-নিয়িংচিৰ মাজত  ৪৩৫.৫ কিলোমিটাৰ দৈঘ্যৰ ৰে'লপথছোৱা মুকলি কৰে।

    ১ জুলাইত চীনৰ শাসনাধিষ্ঠ দল কমিউনিষ্ট পাৰ্টী (CPC)ৰ শতবৰ্ষীয় অনুষ্ঠান উদযাপনৰ পূৰ্বে চিছুৱান-তিব্বত ৰে'লৱেই  লাছা-নিয়িংচিৰ মাজত  ৪৩৫.৫ কিলোমিটাৰ দৈঘ্যৰ ৰে'লপথছোৱা মুকলি কৰে।

    ১ জুলাইত চীনৰ শাসনাধিষ্ঠ দল কমিউনিষ্ট পাৰ্টী (CPC)ৰ শতবৰ্ষীয় অনুষ্ঠান উদযাপনৰ পূৰ্বে চিছুৱান-তিব্বত ৰে'লৱেই  লাছা-নিয়িংচিৰ মাজত  ৪৩৫.৫ কিলোমিটাৰ দৈঘ্যৰ ৰে'লপথছোৱা মুকলি কৰে।

    • Share this:
    চীনে শুকুৰবাৰে তিব্বতৰ সীমান্তৱৰ্তী হিমালয় অঞ্চলত দেশখনৰ প্ৰথমখন সম্পূৰ্ণ বিদ্যুতচালিত বুলেট ট্ৰেইনৰ (Bullet Train)  চলাচল আৰম্ভ কৰে।  এই বিশেষ ট্ৰেইনখনে তিব্বতৰ ৰাজধানী লাছা আৰু  অৰুণাচল সীমান্তক সংযোগ কৰিব।

    ১ জুলাইত চীনৰ শাসনাধিষ্ঠ দল কমিউনিষ্ট পাৰ্টী (CPC)ৰ শতবৰ্ষীয় অনুষ্ঠান উদযাপনৰ পূৰ্বে চিছুৱান-তিব্বত ৰে'লৱেই  লাছা-নিয়িংচিৰ মাজত  ৪৩৫.৫ কিলোমিটাৰ দৈঘ্যৰ ৰে'লপথছোৱা মুকলি কৰে। চৰকাৰী সংবাদ প্ৰতিষ্ঠান চীনহুয়াৰ সংবাদ অনুসৰি, তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ প্ৰথমখন বৈদ্যুতিক ৰে'ল শুকুৰবাৰে পুৱা মুকলি কৰা হয়, যিখনে লাছাক নিংচিৰ সৈতে সংযোগ কৰিব।

    উল্লেখ্য যে, চিছুৱান- তিব্বত অঞ্চলটোৰ দ্বিতীয়টো ৰে'লপথ। জানিব পৰা মতে,  চিছুৱানৰ ৰাজধানী চেংডুৰ পৰা এই ৰে'লখনৰ যাত্ৰা আৰম্ভ হ'ব। আৰু লাছাত অন্ত পৰিব।  বুলেট ট্ৰেইনৰ বাবে ৪৮ ঘণ্টাৰ এই যাত্ৰা মাত্ৰ ১৩ ঘণ্টাতে স্পূৰ্ণ হ'ব। উল্লেখ্য যে, যোৱা নৱেম্বৰ মাহতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে বিষয়াসকলক তিব্বতৰ চিচুয়ান প্ৰদেশ আৰু নিংচিক সংযোগ কৰা এটা নতুন ৰে'ল প্ৰকল্পৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিযছিল।

    ইফালে অৰুণাচল সীমান্তৰ পৰা তিব্বতৰ নগৰ নিংচিৰ মাজৰ দুৰত্ব প্ৰায় ৫০ কিলোমিটাৰ। ইফালে দীৰ্ঘদিন ধৰি চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ হিচাপে দাবী কৰি আহিছে। এনে সময়তে ভাৰতৰ নিচেই কাষেৰে যোৱা এই ৰে'লপথ যাত্ৰীৰ সুবিধাৰ বাবেই নিৰ্মাণ কৰা বুলি চীনে দাবী কৰিছে যদিও বিষয়টোকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে  প্ৰতিৰক্ষা বিশ্লেষকসকলে।

    চিংঘুৱা বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় ৰণনীতি প্ৰতিষ্ঠানৰ গৱেষণা বিভাগৰ সঞ্চালক কিয়ান ফেঙে ইয়াৰ পূৰ্বে চীনৰ চৰকাৰী গ্লোবেল টাইমছক কৈছিল, "যদি চীন-ভাৰত সীমান্তত সংকটৰ উদ্ভৱ হয়, তেতিয়া ৰে'লৱেই চীনক সামৰিক সামগ্ৰী বিতৰণৰ বাবে এক গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিব।"
    Published by:Himangshu Bhuyan
    First published: